পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৪ ]


 চোৱাঁৰ ঢুলাই, ভৰিৰ পাক আৰু হাতৰ মুদ্ৰা দি বায়নে গীত ধৰিলে⸺

প্ৰথমে প্ৰণামো ব্ৰহ্মাৰূপে সনাতন।
সৰ্ব অবতাৰৰ কাৰণ নাৰায়ণ।

 নিস্তব্ধ সভাই নিজম মাৰি শুনি থাকিল। গীত কেতিয়াবা চৰা সুৰত উঠিল, কেতিয়াবা ঢিলা সুৰত নামিল। গীতৰ আৰু নাচনৰ চেৱত গোটাই সভা যেন একবাৰ উঠিল, একবাৰ পৰিল, একবাৰ নাচিলে, একবাৰ হাঁহিলে, একবাৰ কান্দিলে। সৰোবৰৰ পদুম-ফুলবিলাক যিদৰে মৃদু বতাহে তোলা পানীৰ ঢৌৰ চেৱত হিন্দোল-দোলাই থাকে, গীতৰ আৰু নাচনৰ চেৱত যেন দৰ্শকৰ চিত্ত সেই দৰে ৰসৰ ঢৌত ঢুলি ঢুলি হালি জালি থাকিল। মঙ্গলাচৰণ গীত সমাপন কৰি বায়নে পাক আৰু নাচৰ লগতে খোলাৰ মূৰ পালে; হৰি বোল হৰি বোল বোলত আকৌ আকাশ ভৰি পৰিল। কি জানি বিদ্যাধৰী আৰু গন্ধৰ্ব সকলেও সেই বোল শুনি খোলত চাপৰ দি স্বৰ ছানি স্বৰ্গত দুনাই গীতৰ ৰাগিনী তুলি ধৰিলে।

 এই দৰে ৰূপে ৰসে গীতে গন্ধে এক বাৰ উঠি একবাৰ নামি যাত্ৰা শেষ হল। পুহ মাহৰ দীৰ্ঘ ৰজনীয়ে যাত্ৰাৰ জীৱনী ৰস পাই যেন নিজৰ কঠোৰ মূৰ্তিটিকো লাৱণী কৰি দিলে। থৰবৰীয়া নিঠুৰ বুঢ়া শীতেও যেন সেই ৰঙতে সঞ্জীৱিত হই বসন্তৰ যৌৱন শ্ৰী ধাৰণ কৰিলে।