সমললৈ যাওক

পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
বহল ব্যাকৰণ।

স্বৰূপ ভূত কাল ব্যৱহাৰ হয়। যেনে, সি গল, অৰ্থাৎ সি এইমাত্ৰ গল। মই খালো, অৰ্থাৎ মই এইমাত্ৰ খাই উঠিলোঁ।

অপূৰ্ণ ভূত কাল।

 ২৪। অতীত হৈ যোৱা কোনো এটা বিশেষ কালত বা কোনো এটা অতীত কৰ্ম্মৰ আগৰ কালত ক্ৰিয়া হোৱা বুজাবলৈ অপূৰ্ণ ভূত কাল ব্যৱহাৰ হয়। যেনে, তুমি যেতিয়া আহিছিলা, মই তেতিয়া গুৰুসেৱা কৰিছিলোঁ৷ আমি লৰালি কালতে এই সাধুকথা শুনিছিলোঁ। মই তাক কথাটো থোৰ ভাঙ্গি কৈছিলোঁ, অৰ্থাৎ অতীত হৈ যোৱা কোনো এটা বিশেষ সময়ত কৈছিলোঁ৷ কোন বিশেষ সময়ত ক্ৰিয়া কৰা হৈছিল, সেই কথা বাক্যত প্ৰকাশ থাকিবও পাৰে, নাথাকিবও পাৰে, ইয়াত, আগৰ দুটা উদাহৰণত প্ৰকাশ আছে, শেষৰটোত নাই, উহ্য আছে।

সাম্ভব্য ভূত কাল।

 ২৫। কোনো অতীত কালত ক্ৰিয়া কৰিবৰ সম্ভৱ আছিল, কিন্তু সেই কাল উকলি গৈছে, ক্ৰিয়া কৰা নহল, এনে ভাব বুজাবলৈ সাম্ভব্য ভূত কাল ব্যৱহাৰ হয়। এই কালৰ ক্ৰিয়াৰ শেষত সদায় হেঁতেন প্ৰত্যয় যোগ হয়। যেনে, সি অহাহেঁতেন মই তাৰ লগতেই গলোঁহেঁতেন, অৰ্থাৎ কোনো অতীত হৈ যোৱা সময়ত সি আহিবৰ কথা আছিল,