পৃষ্ঠা:ফুলৰ চানেকি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুলৰ চানেকি।
৯৯১
 

সন্ধিয়া কৰমী ৰবি বহিব যেতিয়া গই,
এফালে দিনৰ যত কৰ্ত্তব্য সমাপি থই;
সংসাৰ বেহোৱা নৰো বহিব গণনা ধৰি,
লাভৰ ঘৰত যিবা পালে ৰত্ন যত্ন কৰি।

ইফালে যেতিয়া ৰাতি লাহে লাহে আহে চাপি,
সিফালে সজাগ কৰে সূৰযে দিগন্ত ব্যাপি;
পুৰণি ধৰণী নৰে জিৰণিৰ পাটী পাৰে,
নতুন ভাগত নৰে পালে ব্ৰত থাকি সাৰে।

ইফালে পুৱঁতী যেই, সিফালে সন্ধিয়া চাপে,
উষা-যাত্ৰা পুৰণিত, নতুনে জিৰণি মাতে;
তৰ-পৰা আশা-ধল দুনাই উছলি উঠে,
দিনৰ জাগ্ৰত ভাব সিফালে ক্ৰমাত টুটে।

ঘূৰি ঘূৰি আহে যায় জীৱনৰ ধ্ৰুবতৰা,
দিনে দিনে উঠা-পৰা সৃষ্টি-পাতনিৰেপৰা;
চলিছে ই সৃষ্টি ৰীতি সৃষ্টিতে জনম লই,
মিলিছে ই সৃষ্টি-নীতি সৃষ্টিতে বিলয় হই।

⸻০⸻