এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮০
ফুলৰ চানেকি।
বন্তি।
⸺
শুভদিন ভটীয়াই কালসাগৰক পাই,
মাৰ যায় আন্ধাৰি অসম;
আঁৰলত ভাগ্যলক্ষ্মী নিৰৱে বিনায়, শুনাঁ,
-প্ৰাণে শুনা,—শুনাতে নিজম।
কতবাৰ চিপিয়ালে নিচলা সন্তান সৱে
জ্বলাবৰ হেতু জ্ঞান-দীপ্তি;
উলাহী শলিতা চুহি, জ্বলিল বিবিধ বন্তি,
ৰাখিবৰ নহল যুগুতি!
.
পুনৰপি একেগোট ঠান্বান্ অসমীয়া
ঘৰভঙা ঈৰ্ষাভাব এৰি;
নিচলাৰ সাঁচতীয়া পকা তেল একোচলু
দিছে আহি ক্ষুদ্ৰ বেহী ভৰি।
উছাহৰ শলাকানি দিছে পাৰি হৃদয়ত
চুপি চুপি থাকাঁ বুলি জ্বলি;
যতকাল ‘অসমীয়া নুনুমাব নাম-গুৰি,
—আকৰ্ষণী হেন্দোলনি মেলি।