পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্‌

তাৰেই গুণতে তেওঁৰ পূৰ্ববন্ধু ক্লিয়ন-পত্নী ডাইওনিচিয়া তেওঁৰ প্ৰধান শত্ৰু হৈ উঠিল; কাৰণ তেওঁৰ নিজ-কন্যা, নিজৰ অমনোযোগিতা হেতু বিদ্যাত পৰিণত হৈ উঠিব নোৱাৰিলে, কিন্তু মেৰিনা হলে বৰ পৈনত হৈছিল। মেৰিনা আৰু তেওঁৰ কন্যা সমবয়স্কা, উভয়কে সমান ভাবে, সমান বয়সৰপৰা, সমান শিক্ষা দিছে— তথাপি মেৰিনা সমুদায় প্ৰশংসাভাগিনী, এইটো সন্তান বৎসলা মাতৃয়ে কেনেকৈ সহ্য কৰিব। তেওঁ মেৰিনাক বধ কৰিবৰ কোনোমতে উপায় চিন্তিলে। হয়তো মেৰিনা ইহ সংসাৰত নোহোৱা হলে, সকলোৱে তেওঁৰ কন্যাক আদৰ কৰিব। এই সময়ত লাইকোৰিডাৰ মৃত্যু হৈছে, সেই নিমিত্তে সুবিধা।

 এই সুযোগত ডাইওনিচিয়াই মেৰিনাক হত্যা কৰিবলৈ এটি মানুহ নিযুক্ত কৰিলে। আগেয়ে মেৰিনা প্ৰায় ডাইওনিচিয়াৰ লগতে আছিল। এতিয়া তেওঁৰ ধাইৰ শোকত অলপ আঁতৰত থকাৰ সুযোগ পাই, যাক মেৰিনাৰ হত্যাৰ অৰ্থে নিযুক্ত কৰিছিল, তাৰ লগত ৰাণীয়ে সেই বিষয় কথাবাৰ্তা কৈ আছিল।

 মেৰিনাক সকলোৱে ইমান ভাল পাইছিল যে ৰাণীয়ে এই কাম কৰিবলৈ নিয়োগ কৰা মানুহ জন বৰ দুষ্ট থকা স্বত্বেও,

তেওঁক প্ৰথমে হত্যা কৰিবলৈ সম্মত নহল। সি কলে, “তেওঁ

১৬