পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্‌

টায়াৰত তুলি দিলে। তেতিয়া ৰাজ্যত একো উপদ্ৰব নাই, শত্ৰু বিলাক মৰিছে; গতিকে কোনো গণ্ডগোল নোহোৱাকৈ, পেৰিক্লিচ, কল্পিত মৃতৰাণীক এফেচাচত এৰি, ৰাজপাটত বহিল। আৰু তেওঁৰ কন্যা মেৰিনাক ক্লিয়নে, তেওঁৰ বংশমৰ্য্যদানুসৰি শিক্ষা দি প্ৰতিপাল কৰিব ধৰিলে। গতি এনে—মাক, বাপেক, জীয়েক তিনিও তিন ঠাইত। কোনেও কাকো হয়তো দহ বছৰৰ পাছত নিচিনিব।

 ক্লিয়নে মেৰিনাক এনে উত্তম ভাবে শিকালে যে চৌধ বছৰ পূৰ নৌহওঁতেই সকলো বিদ্যাত তেওঁ পকি উঠিল, এনে কি সেই সময়ৰ জ্ঞানী মানুহ জনেও তেওঁতকৈ বেচি জানিছিল নে নাই সন্দেহ। তেওঁ গীত গাইছিল কিন্নৰীৰ নিচিনা; নাচিছিল অপ্সৰীৰ নিচিনা; আৰু শিল্প ইমান জানিছিল যে ফুল ফল প্ৰভৃতি বস্তুবিলাক মেৰিনাৰ কৃত্ৰিম ফুল ফলতকৈ যে বেছি ভাল আছিল, এইটো ফুলৰ গন্ধ আৰু ফলৰ আস্বাদ নেথাকিলে জনা টান। তেওঁৰ প্ৰস্তুত ৰেশমী বস্তু প্ৰকৃতি-প্ৰস্তুত প্ৰকৃত বস্তুৰ নিচিনা।

 

(৮)

 যেতিয়া তেওঁ এইবিলাক গুণেৰে ভূষিত হৈ সাধাৰণৰ চকুত আশ্চৰ্য্য আৰু প্ৰসংশাৰ প্ৰতিমূৰ্ত্তি হল, তেতিয়া আকৌ

১৫