পেৰিক্লিচ্
দেবীৰ নিচিনা ধৰ্ম-পৰায়ণা।” ৰাণীয়ে কলে “তেনেহলে দেৱতাই তেওঁক নিতান্ত পোৱা উচিত। মেৰিনা মৃত ধাত্ৰীৰ নিমিত্তে শোক কৰি এই পিনে আহিছে, এতিয়া তোমাৰ মত কি?”
মানুহ জনে ৰাণীৰ নানা প্ৰকাৰ কাকুতি মিনতি তৰ্জন-গৰ্জনত উৎসাহিত আৰু ভীত হৈ সৱশেষত এই কাম কৰিবলৈ গাত ললে।
{৯)
লাহে লাহে মেৰিনাই হাতত এটি ফুলৰ খৰাহি লৈ সেই ঠাই পাই কলে, “মই দিনে দিনে এই ফুল লাইকোৰিডাৰ কবৰৰ ওপৰত ছটিয়াই দিম। এই ফুলে গ্ৰীষ্মকালত বেঙুনীয়া আভা বিস্তাৰ কৰি তেওঁৰ কবৰৰ ওপৰত দলিছাৰ নিচিনা হব। মই মোৰ মাতাৰ মৃত্যু সময়ত বতাহৰ ভিতৰত সমুদ্ৰত জন্ম গ্ৰহণ কৰিছিলোঁ, এতিয়া মোৰ লাইকোৰিডাকো হেৰুৱালোঁ।”
এই ৰকমে জীৱনৰ অতীত ঘটনা বোৰ সুঁৱৰি সুঁৱৰি কান্দিব ধৰি মেৰিনাই কলে, “এই সংসাৰ চিৰন্তন ধুমুহাৰ নিচিনা, মোৰ বন্ধুবিলাকক এই ধুমুহাই মোৰপৰা আঁতৰাব ধৰিছে।”
ডাইওনিচিয়াই কৌশল কৰি মানুহজনৰ লগত মেৰিনাক পঠাবৰ ইচ্ছা কৰি কলে, “আহা, আহা! তোমাৰ পিতাৰাক মই বৰ ভাল পাওঁ, সেই নিমিত্তে তোমাকো