পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসম-বুৰঞ্জী
 

শকত। এক বৎসৰৰ পাচত চিউক্‌ ফাএ বড় ভাইৰ পৰা অসন্তোষ পাই ককায়েকক প্ৰণাম কৰি সি ৰাজ্যত নথাকো বুলি নামি আহিল।

দ্বিতীয় অধ্যায়

আহম ৰাজ্য

 
খুলুংখুলাই। 
 

আত পাচে ইন্দ্ৰবংশী স্বৰ্গনাৰায়ণ দেউ মহাৰাজা স্বৰ্গৰ পৰা যিৰূপে নামিল তাৰ লেখা। ক্ষত্ৰিয়ৰ ৰাজাসকল গুছিল। পৃথিবীত ম্লেচ্ছৰ ৰজাসকল হৈ দেবতাসকলৰ পূজা সেৱা এড়িলে। পূজা গুছিলত দেবতাসকলে ইন্দ্ৰত গোচৰ দিলে বোলে আমাৰ পূজা গুছিল। পাচে ইন্দ্ৰে বিমবসা কৰি আপোনাৰ দুই নাতি খুনলুং খুনলাই, আৰু চোমচেঙদেৱক দি বোলে তহত থাক মানে আক চাবি পাচলৈ মল চক্ষুএ চাব নেপাই। এই বুলি পণ্ডিত শূদ্ৰ পৰিচাৰক লগত দি সোণৰুপৰ জখলাৰে পৃথিৱীলৈ পঠাই দিলে, বোলে পণ্ডিতে আওবড় ৰোৱাব, সোণৰুপ গছত আড়ি ৰজা পাতিব। পাচে নামি আহি মুংৰু-মুংৰাম দেশত ৰাজা হৈল। ৰাজা হুবৰ সময়ত দুই ভাএকৰ দন্দ লাগিল। বড়টে বোলে মঞি হে ৰাজা হব পাঞ। সৰুটে বোলে মঞি হে ৰাজা হব পাঞ। পাচে বাইলুঙ দেওধাইবোৰে মেলপাতি সুধিলে বোলে তোমালোক ইন্দ্ৰ দেবতাএ দন্দ কৰিবলৈ বাধা কৰিছে। তেওঁ যে কৰিছা ভাল, আওবড়ত কোনে কত সোণৰুপ আড়িছা। বড়টে বোলে মঞি ডালত আড়িছোঁ। সৰুটে বোলে মঞি ডালতো