নাংকুক্ থান্চেন্। মাকৰ নাম কুংড়েমান্কা। বাপেক ৰাজ- মন্ত্ৰীৰ নাম চাংড়াম। পাচে ১০৪০ শকত শুভ সময়ত ইন্দ্ৰে আসি স্বামীৰ বেশ ধৰি চেংতাম্ নড়া ৰজা পশু মাৰিবলৈ গলত, ভাৰ্য্যাত বীৰ্য্যাধান কৰি নিশা স্বপ্ন দেখালে বোলে, মঞি ইন্দ্ৰ দেবতাএ তোত বীৰ্য্যাধান কৰিছো, ই যি পুত্ৰ হব, তাক মোৰ কলা অৱতাৰ জানিবি। ই প্ৰতাপী ৰাজা হৈব। ইহাৰ নাম স্বৰ্গ- নাৰায়ণ হৈব। আজি ধৰি পুত্ৰ নহই মানে তঞি স্বামীৰ সঙ্গলৈ নাযাবি, সাবধানে থাকিবি। তোক উসৃত থানত নিলগাই ৰহস্যে, থব। পাচে পুত্ৰজন্ম হৈলে মঙ্গল কৰি সুবৰ্ণৰে মলমা কৰা জখলাৰে তোমাক পুত্ৰ সহিতে নমাই আনিব। এই বুলি ইন্দ্ৰ গৈল।
জখলাৰে
নামি অহা।পাচে সেই কন্যা সেই সম্ভোগৰ স্বপ্নৰো কথা নড়া ৰাজাত কহিলে; ৰাজা শুনি মীনাচল পৰ্ব্বতৰ ওপৰত উসৃত চাঙ্গ-ঘৰ সাজি ৰোজ বাজ দি দাসী দি সাবধানে গৰ্ভাৱতী ভাৰ্য্যাক থলে নি। ১০৪১ শকত শুভ সময়ত ৰাজ মহিষীৰ পুত্ৰ জাত ভৈল। ৰজাও পুত্ৰৰ জন্ম শুনি আনন্দ মঙ্গল কৰি, সুবৰ্ণেৰে মলমা কৰা জখলা দি ভাৰ্য্যাক পুত্ৰক নমাই আনিলে। পাচে আপোনাৰ নামে দেৱদুগ কৰি পুত্ত্ৰৰ নাম থলে চাক্যাচক্যা। স্বপ্নত ইন্দ্ৰৰ আদেশে নাম দিলে স্বৰ্গনাৰায়ণ। পাচে অনুক্ৰমে সেই বালকে গুণৱন্ত, বলৱন্ত তেজস্বী হুয়া যুবৰাজ হুয়া নীতি ধৰ্ম্মে প্ৰজাক পালিলে। পাচে বাপেক চেঙ্তাম ৰজা মৰিলত, স্বৰ্গনাৰায়ণ স্বতন্ত্ৰ ৰাজা হল, ১০৫৯ শকত। স্বৰ্গনাৰায়ণৰ বেটা পানিপুঙ্, জন্মিল ১০৭১ শকত। পাচে স্বৰ্গনাৰায়ণৰ ভোগ অৱসানত পানিপুঙ্ ৰাজা হল, ১০৯৮ শকত। স্বৰ্গনাৰায়ণৰ ভোগৰ বৎসৰ ৩৯। পানিপুঙৰ দুই পুত্ত্ৰ হল। চিউক্ৰন্ ফা বভ, চিউক্ ফা সৰু। পাচে পানিপুঙ্ মৰিলত, চিউক্ৰন্ ফা ৰজা হল ১১৪৪