আড়িছোঁ শিপাতো আড়িছোঁ। পণ্ডিতে বােলে, তুমি ডালত আড়িছাঁ ডলুৱা বলা। এঞো ডালতো শিপাটো আড়িছে এঞেহে ৰাজা হব পাই। এই বুলি সৰুটো খুন্লাইক ৰাজা পাতিলে। বড়টো ৰােহ কৰি স্বৰ্গলৈ গল।
পাচে ৰাজঅভিষেক কৰিবলৈ দেওকুকুৰা তাৰে পাখিৰ টুপী লাগে, তেহে ৰাজা হব পাই। পাচে লগত অহা জৰা- ধৰাক স্বৰ্গলৈ পঠালে। সি গৈ ইন্দ্ৰত কলে বােলে দেওকুকুৰা খুজিছে। পাচে তাৰ হাততে দেওকুকুৰা দি পঠালে। বােলে পাখি, ডেওনা, ঠোট, নখ, চাল, হাড়ক ৰাজা খাব। মঙ্গহ আগমঙ্গহ পাত্রে খাব। পাচে সি আহি এই বুলি কলে, পাখি, ঠোট, হাড় চাল, আমাক খাব দিছে, মঙ্গহ আগ- মঙ্গহ তােমাক খাব দিছে। এই বুলি কলত ৰাজা খালে। আনবােৰ সি পুৰি খালে। পাচে ইন্দ্রে বোলে এই জখলা থাকিলে পাচলৈকো এইৰূপে আহিব বুলি জখলা গুছালে। পাচে খুনলাই ৰাজা হৈ জৰাধৰাক ৰাজ্য দেশসকল বৰাবলৈ পাঞ্চিলে। সি গৈ মাঙ্তৰা দেশত ৰাজা হল গৈ।খুনলুং যি স্বৰ্গলৈ গৈছিল তেঞোৰ ঘৰিণীএকৰ গৰ্ভত থাকিল। সেই কন্যা ৰাজাৰ ভয়ত পলাই আছিল। পাচে বালক এটি জন্মিল। সেই লৰাটি সামর্থ হুই হাতীবাস কাটি জীবিকা কৰিছিল। খুন্লাই ৰাজা হৈ ১০০ বৎসৰ ৰাজ্য ভােগ কৰিলে। পাচে পাত্র মন্ত্রী সকলেৰে সমালােচন কৰি বােলে মােৰ যে পুত্ত্ৰ নাই, ককাইৰ ঘৰিণীএকৰ গর্ভ থাকিল, কলৈ গল বিচাৰ কৰা যাওক। বিচাৰি নাপাওতে এটাএ কলে বোলে, ঘাহৰ ভাৰ আনোতে কাণত ভাৰ নেলাগে, বড় সুন্দৰো দেখি। এই বুলি কলত বিচাৰি আনি বোলে, তঞি কোন তোৰ মাৰ বাপেৰ বা কোন? পাচে মাককো বিচাৰি আনি সুধিলত,ভ্ৰাতৃ-পুত্র হেন জানি পুত্ৰৰতে ৰাখিলে।