পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুৰণি
অসম-বুৰঞ্জী

প্ৰথম অধ্যায়
ইন্দ্ৰবংশৰ উৎপত্তি

 সৌমাৰ পীঠৰ পূৰ্ব্ব দেশত হীৰকূট নামে পৰ্ব্বতৰ দক্ষিণে স্বৰ্ণ্ণাদ্ৰি পৰ্ব্বতৰ উত্তৰে বিহগাদ্ৰি নামে পৰ্ব্বত আছে। বশিষ্ঠৰ শাপ।তাৰে গহ্বৰত বশিষ্ঠ থাকে। সেই পৰ্ব্বততে ৰত্নভূমি প্ৰকাশিত এক থান আছে। তাতে অনেক পুষ্পবাটিকা আছে। তাতে কামোদ্ভৱ বাত সদা বহি থাকে৷ সুগন্ধ পুস্পযুক্ত লতা বৃক্ষে শোভিত এনে সুন্দৰ থান দেখি, স্বৰ্গৰ পৰা ইন্দ্ৰ দেবতা শচী সহিতে আহি ক্ৰীড়া কৰিছিল। একদিনাপ্ৰতি বশিষ্ঠে গহ্বৰৰ পৰা সৰোৱৰত স্নান কৰিবলৈ আহোতে শচী আদি কৰি স্ত্ৰীসকল সহিতে ইন্দ্ৰে ক্ৰীড়া কৰোতে বশিষ্ঠে দেখিলে। ক্ৰোধ কৰি বোলে, মোৰ আশ্ৰমক অশুদ্ধ কৰিলি নিমিত্তে তোৰ অন্ত্যজ স্ত্ৰীত সঙ্গম হৌক; এহি বুলি শাপ দিলে। পাচে ঐশান্য কোনৰ ৰত্নপীঠত মীনাচল পৰ্ব্বতত তপ কৰিবলৈ গৈল। পাচে বশিষ্ঠৰ শাপে ইন্দ্ৰ জ্ঞান গুচি কন্যাসকলৰ আগতে দৈত্যৰূপ মনুষ্য হৈল। মঞে ইন্দ্ৰ হেন আকো নাজানিলে। পাচে শচীএ