কথা বাৰ্ত্তা পাতিছিল আৰু ৰাজদৰবাৰত যিবোৰ মন্ত্ৰণা আদি হৈছিল এইবোৰো বুৰঞ্জীত লিখা হৈছিল। ওচৰ চুবুৰীয়া ৰজা বিলাকে লিখা চিঠিবোৰ বুৰঞ্জীত মাজে মাজে দিয়া আছে। তাৰ পৰাই ভালকৈ বুজিব পাৰি যে এইবোৰ সমসাময়িক লিখা আৰু ৰজাঘৰৰ ভিতৰুৱাল কথাৰ সম্ভেদ পোৱা মানুহে লিখা। এই ৰজাঘৰীয়া ঐতিহাসিক চিঠি বোৰৰ হুবহু নকল দিয়া আছে আৰু সেইবোব এটাইবোৰত শক আৰু তাৰিখ দিয়া আছে। এই কিতাপৰ পৰিশিষ্টত এনে অনেক চিঠি দিয়া হৈছে। এই চিঠিবোৰ অসমৰ বুৰঞ্জী লিখকৰ নিমিত্তে বৰ মূল্যবান সম্পত্তি। ভাৰতবৰ্ষৰ কোনো জাতিয়ে অসমীয়াৰ দৰে বুৰঞ্জী সাহিত্যৰ গৌৰৱ কৰিব নোৱাৰে।
এই বুৰঞ্জীখনিত আহোম ৰাজ্যৰ উৎপত্তিৰে পৰা সৰ্গদেও গদাধৰ সিংহৰ মৃত্যু পৰ্য্যন্ত লিখা আছে। গদাধৰ সিংহৰ পুত্ৰ ৰূদ্ৰসিংহ পাটত সামৰণি।উঠাৰ কথাৰ উল্লেখ আছে কিন্তু তেওঁৰ ৰাজত্বৰ বিষয়ে আন কোনো কথা নাই। সেইগুণে এইখন গদাধৰ সিংহৰ ৰাজত্ত্ব পৰ্য্যন্ত বুৰঞ্জী বুলি ধৰিলে হে ঠিক হব। গদাধৰ সিংহই ১৬০৩ শকৰ পৰা ১৬১৭ শকলৈকে ৰাজত্ত্ব কৰে। সেইগুণে, এই বুৰঞ্জীৰ ভাষা ১৭ শতিকাৰ অসমীয়া গদ্য ভাষাৰ চানেকী বুলি ধৰিলে একো ভুল কৰা নহব। ইয়াৰ ভিতৰত এটা লক্ষ্য কৰিব লগীয়া কথা আছে, যে এই কিতাপৰ ৭৪-৬৫ পিঠীত আহোম ৰজা- বিলাকৰ নামৰ যি তালিকা দিয়া আছে তাত প্ৰমত্ত সিংহ ৰজাৰো নাম আছে। এইজনা ৰজা কিন্তু ১৬৬৬ শকতহে পাটত উঠে। এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি অনেকে এই গ্ৰন্থৰ কাল ১৬৬৬ শক বুলি ভাবিব পাৰে কিন্তু আমাৰ মনেৰে সেইটো ঠিক নহব; কিয়নো মূল পুথিত শিবসিংহৰ আৰু প্ৰমত্ত সিংহ এই দুজন ৰজাৰ নাম নকল কাৰকে পিচত লগাই দিয়াহে সম্ভৱ। প্ৰকৃতপক্ষে এইখন প্ৰমত্ত সিংহৰ দিনৰ বুৰঞ্জী হোৱা হলে মহাৰাজ ৰূদ্ৰসিংহৰ ৰাজত্বৰ দিনৰ ইয়াত কোনো কথাৰ উল্লেখ নথকাৰ কোনো কাৰণ দেখা নেযায়। সাবশেষত আশা কৰো যেন এই কিতাপ ছপা হোৱাৰ পৰা আমাৰ মানুহৰ মনত আগৰ দিনৰ বুৰঞ্জীৰ প্ৰতি ৰাপ বাঢ়িব আৰু ঐতিহাসিক চৰ্চ্চাৰ বাট মুকলি হব। ভগৱানৰ ওচৰত এয়ে আমাৰ এক গোহাৰি।
⸻