সমললৈ যাওক

পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুৰণি অসম-বুৰঞ্জী
 

স্বামীক কলা বোবা হবৰ দেখি শাপৰ সীমাক অপেক্ষা কৰি কন্যাসকলক সংহতি লৈ অসন্তোষ কৰি স্বৰ্গক গৈল।

 পাচে গৌৰ বৰ্ণ সিংহবন্ধ কটি পুৰ্ণিমাৰ চন্দ্ৰ সম মুখ বিনীতা, দীৰ্ঘ কেশী, এনে সুন্দৰী কোনো এক দৈত্যৰ স্ত্ৰী অটা এই আশ্ৰমৰ ওচৰতে তেওঁক দেখি, কৌতুক মনে বোলে তুমি দেৱতা নে মানুষ? দৈত্য নে কছাৰী? বোবোৰা কলা হেন দেখো। তুমি কিয় ই ঠাই ফুৰিছা? এহি বুলি মনে হৰ্ষ কৰি, তেঞোৰ ওচৰ চাপি উত্তম পুৰুষ হেন জানি কামযুক্ত হই উৰুত বৈসাই সঙ্গমসূচক অনেকো বচন বুলিলে। ইন্দ্ৰেও কামবানে পীড়িত হুই সঙ্গমক ইছা কৰিলে। পাচে দুইৰো সঙ্গম হল। শাপমুক্ত হুই ইন্দ্ৰে জ্ঞান লভি কন্যাক বুলিলে, জানা প্ৰিয়া, তোমাৰ গৰ্ভত যি এক পুত্ৰ হুব, সি ৰাজা হুৱ। তাৰ পুত্ৰ নাতি বহুত ক্ৰমে ৰাজা হুই পৃথিবীত ঠাই ঠাই থাকিব। এহি বুলি ইন্দ্ৰ স্বৰ্গক গৈল।

 পাচে কন্যাও মনত সন্তোষ হুই থাকিল। কালবশত থাকি ১০৪১ শকত পুত্ৰ জাত হৈল। জন্মকালত দেৱতাসকলে হৰ্ষ ইন্দ্ৰপুত্ৰ।কৰি স্বৰ্গত অনেক বাদ্যসকল বাজিল। দশো দিশ প্ৰকাশ হৈল। সবোবৰ সকলো নিৰ্ম্মল হৈল। বালকৰ লক্ষণ আকুঞ্চিত কেশ, সিংহৱন্ধ গ্ৰীৱা, ওভতা লোম, হস্ত পাদ চক্ষু ৰক্ত বৰ্ণ। দক্ষিণ হস্তত তিনিটা তিল শঙ্খ পদ্ম; বাম হস্তত অঙ্কুশ গদা, উদৰত তিনিটা ৰেখা কান্তি শ্ৰীমন্ত। এনয় চিহ্নযুক্ত ইন্দ্ৰ পুত্ৰে ১০৭১ শকত স্বৰ্ণ্ণাদ্ৰি পৰ্ব্বতত কিৰাতসকলৰ ৰজা হৈল। তেঞোৰে ১৮টা ভাৰ্য্যা হৈল। সেই ভাৰ্য্যাত হন্তে ১০০ পুত্ৰ হৈল। সমস্তে বালক ৰাজ লক্ষণে যুক্ত প্ৰখ্যাত গুণ পৰাক্ৰম। সেই সকলত থানে থানে পৰ্ব্বতি সকলৰ ৰাজা হৈল। সেই সকলত হস্তে যি পুত্ৰ হৈল সিও পৰ্ব্বতি লোকৰ ৰাজা হৈল। সেই সকলৰ পৰা যি