পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৹

the future. The eternal chain can neither be broken nor entangled.” তেতিয়াৰ পৰাই বৈজ্ঞানিক প্ৰণালীৰে ইতিহাস লিখিত হবলৈ ধৰিলে। ঐতিহাসিক অনুসন্ধান কৰিবলৈ যাওঁতে আগেয়ে মনত এটা মত ঠিক কৰি লৈ, তাক যিবোৰ কথাই সমৰ্থন কৰে তাক বিচৰা ঐতিহাসিক অনুসন্ধান নহয়। অথচ বহুত ঐতিহাসিকে ঠিক ইয়াকে কৰে। ঐতিহাসিক অনুসন্ধানত জাতীয় বা দেশীয় সঙ্কীৰ্ণতা পৰিত্যাগ কৰিব লাগিব; কোনো সাম্প্ৰদায়িক বা ৰাজনৈতিক বাধ্য- বাধকতাৰ লগত সম্পৰ্ক ৰাখিব নেলাগিব। এটা কথাক সঁচা বুলি গ্ৰহণ কৰাৰ আগেয়ে সেই সম্বন্ধে যিমান দূৰ নিখুত প্ৰমাণ পোৱা যায় তাৰে পৰীক্ষা কৰি লব লাগিব। এইদৰে সংগ্ৰহ কৰা কথা বিলাকক পুঙ্খানুপুঙ্খৰূপে ফহিয়াই চাই তাৰপৰা এটা সিদ্ধান্তত উপনিত হোৱাই বুৰঞ্জীৰ কাম। এনেকৈ সংগ্ৰহ কৰা তথ্যবিলাকৰ পৰা যি স্বাভাবিক সিদ্ধান্ত হব আৰু তেনে সিদ্ধান্তৰ পৰা লাভেই হব নে লোকচানেই হব ঐতিহাসিকে তাৰ নিমিত্তে ভাবিবৰ কোনো প্ৰয়োজন নাই। ঐতিহাসিকৰ কাৰ্য্য হৈছে সত্যৰ প্ৰতিষ্ঠা কৰা; তেওঁৰ কৰ্ত্তব্য হৈছে লাভ-অলাভ, জয়-পৰাজয় কালৈকো কটাহি নকৰি সত্যৰ উদ্ঘাটন কৰা। এজন জ্ঞানীলোকে কৈছে যে বুৰঞ্জীৰ গতি এটা সৰল ৰেখাৰ নিচিনা আৰু বিচক্ষণ বুৰঞ্জী লিখক কেতিয়াও তেওঁৰ লিখাৰ ওপৰত বিৰিঙ্গি নোলায়। ঘটনাৰ যথাযথ বিবৰণ দি যোৱাই বুৰঞ্জী লিখকৰ আচল কাম। তাত তেওঁৰ মতামত দিবৰ কোনো সকাম নাই। বুৰঞ্জীৰ অধিষ্ঠাত্ৰী দেবী, কালিদাসৰ শকুন্তলাৰ দৰে, সাজপাৰ নোহাৱাকৈয়ে পৰম ৰূপহী। এনেকুৱা আৰ্হি আগত ৰাখি বুৰঞ্জী লিখা দস্তুৰ ইউৰোপতে ১৯ শতিকাৰ পৰাহে আৰম্ভ হৈছে।

 কিন্তু আচৰিত মানিব লগীয়া কথা যে অসমৰ নিচিনা এখন দেশতো ১৩ শতিকাৰ পৰাই ধাৰাবাহিকৰূপে বুৰঞ্জী লিখা দস্তুৰ চলি আহিছে আৰু প্ৰায় তেতিয়াৰ পৰাই বৈজ্ঞানিক ভাবে বুৰঞ্জী লিখা প্ৰথাও চলি আহিছে। বুৰঞ্জীৰ কথা বিলাক যেনে নিভাঁজ সত্য হব