লিখকৰ কথাৰ ওপৰত অনেক আস্থা স্থাপন কৰে। তেওঁৰ মতেৰে সেইটো ঠিক নহয়। তেওঁ কয় যে বিশেষকৈ চাব লগীয়া কথা হৈছে যে সেই মানুহজনে যি কথা লিখিছে তেওঁ তাক জানিবৰ কি সুবিধা পাইছিল আৰু মানুহজন কিমান বিশ্বাস যোগ্য। তেওঁ নিজৰ জ্ঞানৰ পৰা লিখিছেনে, কাৰবাৰ মুখৰ পৰা শুনা কথাৰ ওপৰত নিৰ্ভৰ কৰি লিখিছে। অৰ্থাৎ আইন আদালতত যেনেকৈ এটা সাক্ষীক যিহৰ পৰা বিশ্বাস বা অবিশ্বাস কৰে, যি কাগজ পত্ৰক সাক্ষী বুলি গণ্য কৰা হয়, বুৰঞ্জী লিখোঁতেও তেনেকৈ পৰীক্ষা কৰিহে তাক গ্ৰহণ কৰিব লাগে। এই প্ৰণালীৰে ঐতিহাসিক অনুসন্ধান আৰম্ভ কৰাৰ ফলত অনুসন্ধান সম্বন্ধে অনেক সুবিধা আহি পৰিল। ইউৰোপৰ প্ৰধান প্ৰধান দেশ বিলাকৰ যত যত পুৰণি বস্তুৰ ভড়াঁল আছিল অনুসন্ধান- কাৰী মানুহৰ পক্ষে সেই বিলাকৰ দুৱাৰ মুকলি কৰি দিয়া হল। সেই কাগজ পত্ৰবোৰ পঢ়ি তাৰপৰা নানা বিষয়ে টোকা উদ্ধাৰ কৰা হল। বেচি লাগতীয়াল কথাবোৰ ছাপা কৰি প্ৰকাশ কৰা হল। পুৰণি ফলি বিলাক আবিষ্কাৰ কৰা হল, পঢ়া হল, সৰ্ব্বসাধাৰণৰ ওচৰত প্ৰকাশ কৰা হল। ইয়াৰ পৰা প্ৰধান প্ৰধান দেশ বিলাকত এক শ্ৰেণীৰ পণ্ডিত ইতিহাসবিদৰ উদ্ভৱ হল। জৰ্ম্মান দেশত পেৰ্টজ, ওৱেইট্জ, মোমচেন কৰটিয়চ আদি ইতিহাসবিদ, ইংলণ্ডত ষ্টবস্, ফ্ৰিমেন, গাৰ্ডিনৰ নিচিনা পণ্ডিতৰ আবিৰ্ভাব হল আৰু ফ্ৰান্সত মোনদ লেভিচ আৰু লুবেয়াৰৰ নিচিনা ইতিহাসবিদৰ আবিৰ্ভাব হল। তেওঁবিলাকে যি পথে চালনা কৰিলে, এতিয়াও সেই পথেই ইতিহাস চালিত হৈ আহিছে। তেওঁবিলাকে ইতিহাস সম্বন্ধে মানুহৰ ধাৰণা একেবাৰেই পৰিবৰ্ত্তন কৰি দিলে। তেওঁবিলাকে কয় যে ইতিহাসৰ আচল শিক্ষা হৈছে অতীতৰ জ্ঞান লাভ কৰি, ভবিষ্যত উন্নতিৰ বাটত আগবঢ়া। তেওঁবিলাকে ইতিহাসক কি ভাবেৰে গ্ৰহণ কৰিছিল তাক ভল্টায়ৰৰ এটা কথাই অতি সুন্দৰকৈ প্ৰকাশ কৰিছে। তেওঁ কয় “Every present event is born of the past and is father of
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭
অৱয়ব