লাগে, তাৰ ভাষাও নিচেই সৰল আৰু আঁত নলগা হব লাগে
আৰু তাৰ বৰ্ণনাৰ যেন দুটা অৰ্থ কৰিব নোৱাৰে, এন ভাবে লিখা
অসম বুৰঞ্জী
সাহিত্য।হব লাগে; ইতিহাসৰ বৰ্ণনা বিলাক যিমান দূৰ সম্ভব সংক্ষেপ হব লাগে অথচ তাতেই সম্পূৰ্ণ ভাবে ভাবটো ফুলি উঠিব লাগে। তাত সত্যক গোপন কৰিবৰ নিমিত্তে কোনো চেষ্টা থাকিব নেলাগে। অসমীয়া বুৰঞ্জী লিখোঁতে এই কথাবোৰ যে ভালকৈ প্ৰতিপালন কৰিছিল, তাক এই বুৰঞ্জী কিতাপখন ভালকৈ পঢ়িলেই বুজিব পাৰি। ইয়াৰ লিখাত কতো বাহুল্য কথা নাই। কতো অতিৰঞ্জনৰ চেষ্টা নাই। ভাষা যেনে সৰল, তেনে আঁত নলগা। কোনো সঁচা কথাকে গোপন কৰিবৰ চেষ্টা নাই। ৰজাঘৰৰ অনেক চেঁকা-লগা কথাও এইবুৰঞ্জীত খোলাখুলি ভাবে লিখা আছে। এই বুৰঞ্জী বিলাকৰ সত্যতাৰ বিষয়ে মিষ্টাৰ গেইটে, তেওঁৰ The History of Assam কিতাপৰ এঠাইত লিখিছে:—
"The historicity of these Buranjis is proved not only by the way in which they support each other but also by the comparison which is afforded by the Mahammadan writers, whenever they are available for comparison. Their chronology is further supported by the dates on various records."
অৰ্থাৎ এই বুৰঞ্জী বিলাকত লিখা কথাবোৰ যে সঁচা তাৰ প্ৰমাণ হৈছে, বেলেগ বেলেগ বুৰঞ্জীত লিখা কথা বোৰৰ ভিতৰত মিল আছে, আৰু সেই কথাবোৰ মুচলমান ঐতিহাসিক বিলাকে লিখি থৈযোৱা কথাৰ লগতো মিলে আৰু বুৰঞ্জীত দিয়া শক আৰু তাৰিখো শিলৰ ফলি, তামৰ ফলি আৰু মোহৰ বিলাকত থকা শক আৰু তাৰিখেৰে মিলা পোৱা যায়। এনে হবৰেই কথা। কিয়নো যি মানুহে এই বুৰঞ্জীবোৰ লিখিছিল তেওঁবিলাক ঘটনাবোৰৰ সমসাময়িক মানুহ আছিল। তাত বাজেও তেওঁবিলাক ৰজাঘৰীয়া সকলো ভিতৰুৱাল কথাৰ সম্ভেদ পোৱা মানুহ আছিল। অনেক ঠাইত ৰজাই ভাত খাওঁতে মন্ত্ৰীসকলৰ লগত যি খ