পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায়। পাচে পাচ্চা নিলে পুনৰ্বাৰ স্বৰ্গ মহাৰজাৰ লোকে গুৱা- হাটি মাৰি ললে। চৈয়দ পিষোজ খ। নবাব আদি কৰি সমস্তুকে ধৰি নিলে। পাছে পাচ্চা মান্ধাতাৰ নাতি, ৰাজ ৰামসিংহ বামসিংহক পঠাই বোলে ইমান আগলি বঢ়া কথা কবে, বিসেসত পিতৃ পিতামহক চাই, আক কিছু বুলিব নোৱাৰি। হিন্দুস্থানী ৰাজা সকল সহিতে একে যুগুতি হলে মই কি কৰিম। আসামৰ যুদ্ধলৈ গলে কোনো নবাব ফিৰি নাহে। কতো বা নত মৰে। কতো আপুনি মৰে। সি ঠাইৰ বিস পাণি, বিস বস বয়। সঙ্কট জাগ, পতি গঢ়। এই মন্ত্ৰনা কৰি পঠালে। লগত দিলে দেড়কুৰি হাজাৰ চিপাই। আৰু ৰচিৎ ধাক বোলে তঞি মজুমাৰ লগতে আগে গৈছ। আহামৰ মাত বলিকো বুজ, যুদ্ধকে জান তই জা; ৰাজা ইন্দ্ৰমণি, চামেলা আড়ৈ হাক্কাকি আলম খাঁ। দুই হাজানি, বকম * দোহাজাতি, দেৱান চৈয়দ গজপ খ। এক হাজাবি, কায়ম খাঁ, জুলেল বেগ, ৰাজা পৃথু, ৰাঙ্গা মাণিক বোদাৰৰ মিৰ গৰঞ্চ খ। আড়ৈ হাজাৰি, আৰু চাস্তা খ। দিলে চিপাই দুই হাজাৰ। পৰিক্ষিত নাতি ৰাজা জয়নাৰায়ণ। এই সকলক পাচ্চা, ৰামসিংহৰ লগত দিলে। অম্বেৰৰ ৰামসিংহৰ ভাইপো ভতিজা সহিতে মুঠত ঠাকুৰ একুৰি এজন। তাজি তুৰুকিৰ চিপাই আঠৰে হেজাৰ। যেহা বৰ কৰিকিসোব বড়ুয়া, সৰ্বেস্ব বড়ুয়া, মন্মথ বড়ুয়া, ধনসাম বকুসি, টালি কাড়ি পোন্ধৰে হাজাৰ, এই সকল সহিতে বাঙ্গা ৰামসিং ৰেীৰয়াৰ মুখ পালেহি। এই কথা মহাৰাজা সুনি তিনিজনা ডাঙ্গালিয়া, ফুকন, ৰাজখোয়া লোজন সহিতে ৰামসিংহ