পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কটকী। পুৰণি অসম-বুৰঞ্জী সমুখে পঠাই দিলে। পায়ে বুড়াগোহাঞি সৰাইত, বড়গোহাঞি পাত। ৰাচোৱাল বড়পাত্ৰ শোহাঞি কুৰুত। সবাইত পিহিজিয়া ফুকন, পানিত নাওবৈচা ফুকন। অসুৰৰ আলিত কলিয়া বড়িয়া ফুকন। এইৰুপে বহি আছে। ৰাজা ৰামসিংহ বৌৰৱৰ মুখ পাইছেহি। আমাৰ ডাঙ্গৰিয়া বোৰে, ফুকনসকলে সহিতে জুগুতি হৈ বেলে পাজি তাৰি হোৱা নাই; পৰ্ব্বতি গঢ়ো ভাল নৌ হয়। দুই এদিন খাপ খুৱাবৰ অৰ্থে কুটকী পঠাই দিব ৰামসিংহলৈ খোজো। এই বুলি সোন্দকে কোমাকে পঠাই দিলে। ভাই ২াত এইখন কগৈ। যি কাজে আগ বাঢ়িছে, আমি আৰু জানিব লাগে। সাম, দাম, ভেদ, দণ্ড, সকল দিন প্ৰবৰ্তিচে; কাৰ্যক বুজিলেসে কথা। এই খুলি দুই কটকিক পঠালে; চকিয়ালে পাই হাতত ডোল লগাই ধৰি নিলে; কাকত দেখুৱালত বান্ধ মেলিল। ৰামসিংথে কাকত চাই কথাবাৰ্তা সুমি লগত পিৰোজ খক পঠালে। সি আহি কলে বোলে আলিয়াৰ খ, মোমাই তামুলি, অসুৰৰ আলি বড়দি সিমা কৰি, পুৰ্বাপৰ বহি আচে। সেই নিবন্ধক লৈ গুৱাহাটি চাড়ি দিয়োক। গো-ব্ৰাহ্মণ কুশলে হোক। জদি চাড়ি নেদিব আৰ্মি মান্ধাতাৰ নাতি, বাৰে বৎচবলৈ সমুখ হৈ আহিচো; যদি যুগ্ধ দিয়ে আহিলা পাতি নাই মোল খুজি আহোক। তাক মই দিয়ো; ভাই ফুকনে ২ ঘটিমান দেখা দি মোক যুদ্ধ দিয়োক। এই কথা পিোেজ খৰ মুখে সুনি ফুকনে যোলে ২ ঘটিকে কথা বুলি কৈছে। তাঞিৰ আমাৰ দেহ থাকে মানে থোক। অমী ধনাতে আছে। তাএি তৰে আহিছে, স্বৰ্গ মহাৰাজাৰ কোন বস্তুৰ কমি লাগেহতে যিবস্তু কৈ হক আমি দিঞে॥ এই বুলি পিখোজ খাক ৰাখি বলি কৰি থৈচিল লতাশিলত। তাৰ লগৰটোক পঠাই দিলে। কামসিংহ ভটিয়াই গলত তেহে