পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৭ পুৰণি অসম-বু এঠাই হই সিলিখা তলত গৈ বুকটা পোনে বুঢ়া গোহাঞিৰ গড়ত এক প্ৰহৰ বেলি হলে নাৰে তৰে চাপি ধৰিলে গৈ; বঙালৰ এক উমি পড়িল। আনো লোক বিস্তৰ পড়িল। পাচে কাণ্ড গুলি চুকালত চন্ন দশু বেলা আহোতে বুড়া গোহাঞি ভাগি বাম পানিফাটত বহিল গৈ। তাত পাচে বাদুলি ফুকন জাতকৈ পাচ হল। পাচে বাঙ্গাৰ লগলৈ যাওতে বাটত সুনিলে, ভনিক আই কুৰিয়ে কলে, কুকমা চোৱাত কৈ তোমাক দেৱতা খং কৰিছে বঙালত বড়িল বুলি। এইকথা শুনি বাদুলি ফুকন সিলিখা তলত খানখানাত বৰিলগৈ; পুসমাস। খানখানা বাদুলিক লগত লৈ সলগুৰিত বহি গৈ। পাচে বাদুলি বোলে মহাৰাজ্জাক, বাংলি ফুকনৰ ফুকন বোৰ ধৰিদিম। খানখানা বোলে ভাল ফুচক্ৰ। তোক এই ৰাজ্যতে অধিকাৰি পাতিলো। এই বুলি বলে বাদুলিক কেঁকোৰা দোলাত তুলিলে; ৰজাৰ ঘৰতত আছিল। সেইবেল সিলপনিয়া বামুন ৰাজখোৱা আৰু মৰাৰ জগত ডেকা কেকেঁৰা দোলাত তুলিলে; এই দুই ৰঙালত ৰিলগৈ; বৈশাখ মাস। মিজ্জামুল। বকোবাড়িৰ ওপৰে লাকনি কখৰত থনা দি বহিল। অভয়পুৰ দিহিং আদি কৰি গুৱাহাটি পয্যন্তে জৱন ব্যাপি আছে। পাচে আহোমৰ সেনাপতি সকলে যোলাই নাতেৰে জৱনক যতে পাই ততে দগাদি কাটিছিল। দক্ষিন মুছলমানৰ অসম কোলে, উত্তৰ কোলে বঙালক অৰ্কিছেদে কাটে; এই মতে ন মাস গল। তথাপি জবন বিমুখ নহল। সেইবেলা মহাৰাজা ৱনক ধৰিবৰ মনে চপাতলিলৈ ওলাই আহিল। হে বঙালে বাৰ্তা পাই খেদি গল। দিহিং উজাই ৰজাক ধৰিবৰ মনে ৰাজা পুনৰ্বাৰ নামৰূপলৈ গল। তাত ৭