পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯২
পুৰণি অসম-বুৰঞ্জী
 

আত পাচে জয়ধ্বজসিংহ মহাৰাজা বোলে ঢেকেৰিৰ পৰাহে বিবাদ নুগুছে।

 এই বুলি কামৰূপত জত ঢেকেৰি আচিল সবাকে সৰুসোনকোহ পৰ্য্যন্তে আহোমে ডকাই আনিলে। মেধি দেৱলিয়াবোৰ মাত্ৰ এড়িলে। বড়পেটাৰ বাসুদেৱ গোসাঞিক নিলে। চাস্তাখাঁই হৰিগতি কটকিক পঠাইছিল ঢকা মাৰে বুলি। ধাৰন বাৰ বুজি আছিল। আত পাচে অৰংচা পাচ্চা বোলে মজুমখা, চুজাক খেদি যা। চাৰিকুৰি হাজাৰ চিপাহি লগত দি, আৰু অনেক ৰাজানবাৰক লোক লস্কৰ সহিতে পঠাই দিলে। পাচে মজুমখাঁ চুজাক নাপাই পাচ্চালৈ জনাই পঠালে। বোলে সুজা সাগৰৰ দীপত ৰখাংত সোমালগৈ। আসামে মিৰ্জানাথুলাক খেদি গুৱাহাটি ললে। তাকে খেদি যাওঁ।

 পাৎসা বোলে যাওক। পাচে কতোদিন অন্তৰে মহাৰজা ঢকালৈ কটকি পাচিলে। বোলে পাচ্চা সহিতে সমস্ত কালে প্ৰিতিতে গৈছে। এখন ঢেকেৰিয়ে মাজত কন্দল লগাই হে খেদিলে গুৱাহাটিৰ পৰা। নাথুলা বোল ভৱনাথ কাৰ্জ্জিএ মোক ভয় দেখাই খেদাবৰ হই এই কথা শুনি মিৰ্জ্জামুলা নবাবে কটকিৰ আগত বুলিলে; তোমৰা গুৱাহাটি এড়ি জা; তবে গো ব্ৰাহ্মন নথি প্ৰজাৰ কুশল হয়। জদি ছাড়ি নাজাই এই সকলৰ বধ ভাগি তোমৰা হৈবি; এই বুলি, লালবেগ হৰিৰাম ৰাইক লগত দি দুয়ো উকিলত কৰি বুলি পঠালে। পাছে উকিল আহি লাপতি ফুকন, বাদুলি ফুকনৰ ঠাই পালেহি। তাতে লালবেগ হৰিৰাম ৰাইক ৰাখি বড়ফুকনলৈ জনালে; পাচে বড়ফুকনেও মহাৰাজাৰ আজ্ঞায়ে এইবুলি বিদায় দিব দিলে। পাচে লাপতি ফুকনেও হৰিৰাম ৰাইক তুলি বোলে ঐ হৰিৰাম ৰাই, তোতকৈ গো ব্ৰাহ্মন ৰাজ্যৰ নিমিত্তে জি কৈছে, ই কথা আমাত কব নাপাই। বড়দেৱানিয়াক হে মাৰি লৈছোঁ। তেঞোৰ আমাৰ তো কন্দল নহয়। প্ৰিতিহে আচে। এই বুলি তাৰ লগত দুটা মানুহ দি