পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰণি অসম-বুৰঞ্জী
৯৩
 

বিদায় দিলে। পাচে হৰিৰাম ৰায়ো গৈ নবাবত জনালত নবাবে বোলে আসামৰ দুই আদমিক পঠাই দি বলে ভাল এখন তোমহিমক যাওঁ। বড়দেওনিয়াৰ সাফ হলে ইয়াৰ খবৰ পাবি। এই বুলি পঠাই দিলে। পাছে পুনৰ্ব্বাৰ বড়দেৱমিয়াক মাৰি ভৱনাথ কাৰ্জ্জিক লোকজন সহিতে ধৰি আনি, পাছে হৰিৰাম বাইক পঠাই বলে এখন বড়দেৱনিয়াৰ সাফ হল।

 আমাৰ গুৱহাটি এড়ি দিয়োক। এই কথা লাপিতী ফুকনেও বড়ফুকনলৈ অনাই পুনৰ্ব্বাৰ তাক তুলি বোলে, ৰাজ্যৰ কাৰন জি কৈ পঠাইছে, পৰমেশ্বৰ বিধতা অনুকুল হৈ আমাক দিছে। তাঞিঁ খুজিলে কিয় পাব। হস্তিৰ দাঁন্ত ওলাই পুনৰ্ব্বাৰ সোমাবৰ কৈত দেখিছ। এইখান নবাবত কহিৰ্বি। হৰি ৰাম ৰাই বোলে উত্তম জনে বচন বুলি ৰক্ষা কৰন হে জুক্ত; বচনত ৰক্ষা নহল; হস্তিতো পসু আক মনুষ্যে মাৰি দান্ত লয়। পাচে হৰিৰাম বাই বাসাক আহিল; তাক ধাৰনে ৰোজ দিলে; ৰোজত জিয়া পহু দিল অটি। পাচে হৰিৰাম ৰাই দেখি পহুৰ গলৰ ডোল মেলি বৰলৈ মেলি পঠালে। বোলে পহু তোমাক ভোজন কৰিবৰ কাৰণে দিলে। বমলৈ কিয় খেদিলা। হৰিৰাম ৰাই বোলে ভাই দিনচাৰেক ৰুষ্ট পুষ্ট হৈ থাকোক। অনেক সৈন্য হস্তি ঘোড়া বন্দুক-দাৰি এই সকলৰ আগত পহু জুথে জুথে পড়িব। আক পাম আৰু কটকিএ বোল এক বচন সুন; মইৰা কুকুৰা দুই পক্ষি যুদ্ধ লাগিল।

লাপিতী ফুকন। পৃথিবীত পড়িলে জল নিকলে। পৰ্ব্বতত পড়িলে পৰ্ব্বত চুৰ্ন্নাকৃত্য হয়; সৃষ্টি নষ্ট হৈ হেন দেথি বিধতা আহি তাৰে নিৰ্ব্বলি পক্ষিক বোণে তঞিঁ যুদ্ধ এড়। সকলো লোক সুখে ৰহোক। বিধতাৰ বচনে যুদ্ধ এড়িলত সকলো সুখে ৰহিল। আপোনাৰ দেহো ৰক্ষা গল; এই বুলি উকিল গৈ, মজুম খাঁৰ ঠাইত কথাবাৰ্ত্তা কলত মজুম খাঁ বোলে লাপিতি ফুকন বয়সতো বৃদ্ধ, গাটিও সুলশ; কথা নৰবক চাওতে