পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
পুৰণি অসম-বুৰঞ্জী
 

কটকিএ বৰুৱাত কথাবাৰ্ত্তা কলেহি; মানুহটি থাকিবৰ কথা কত অসন্তোষ কৰিলে। আকৌ কটকি পাচিলে যোলে হাঁতিৰ দান্ত চাৰি বৰাৰ দাতকো নিদিও; আগৰ কাঠ চাৰি, জগা কাঠকো নেদিও; মৰিচ চাবি তাৰ চেইকো নিদিও। ভাল, যুদ্ধ কৰিবলৈ আহিছে যুদ্ধ কৰোক; কটকিক খংকৈ পানীত পেলাব দিলে; পাচে পানীত পেলালবত আমাৰ ঢাকিয়ালে নাৱত তুলি আনিলে। বড়ুয়া সুনি সুধিলে তঞি জেতিয়া আহিলি সকল হল; গঢ় বন্ধাও হল।

 এই যুদ্ধব বেৱস্থা ৺দেবতালৈ জনালে আৰু আহিলা পাতি ধুকাইছে। ৺বোলে এখেতো আহিলা পাতি যত্ন কৈ দি পঠাম, যুদ্ধ নেডিব। পাচে দক্ষিণে বড়ুয়া, সৰ্দাৰ; তিনি চামধৰা যুধ। গোহাঞি চামধৰাৰ পুবে আছে। পানীত পিকচাই সৰ্দ্দাৰ। প্ৰথমে বঙালে বড় গোহাঞিৰ গঢ়ত ধৰিলে; নাৱেও চাপি ধৰিলে; চাৰি দণ্ড বেলাৰ পৰা গধুলিহে এড়িলে; উত্তৰ কোলে বঙালৰ সৱ গড়খাৱৈ উপচি গল। দখিন কোলে জুদ্ধ নহল। এনেতে পানীত এটা যুদ্ধ কৰিলে। বঙ্গাল চামধৰাৰ পৰা উজাই আহি দুই মুনি শিলা পালেহি। গণকৰ ডেকা- পানিফুকন, মমাই তামুলি বৰুআৰে নপড়ে।

 পিকচাই ফুকনে বোলে, বড়ুআক বোলে, আমি ৰণ হাবিলো। বড়ুআ বোলে পানিফুকন নাইকিচে; কিয় ৰণ হাৰিম। ফুকনে বলে হাৰিবলৈ কি আছে; বঙাল উঠিলগৈ। পাচে বৰুআ ৰণ ধৰিলেগৈ। বঙালক কাটি মাৰি ভঙাই নিলে। লুইতে তেজ বহি গল। বঙালে নাৱে নোৱাৰিলে। গধুলি ভৰৰিৰ পাৰ হৈ বহিল। সক ১৫৬০। পাচে মহাৰাজা সুনি পানিফুকনক কৰতে চিৰিব দিলে। পুনৰ্ব্বাৰ বঙ্গালে উত্তৰ কোলে চাৰি দণ্ড বেলাৰ বাট জুৰি গড়ত ধৰিলে। আমাৰো তিনিজনা গোহাঞি বড়ুআ ফুকন সহিতে সমস্তে ও প্ৰাণক টাঙ্কি জুদ্ধ কৰিলে। বঙাল যদি ইফদ পড়ে