পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

 বুঢ়া গোহাঞি মাত্ৰ পাচত থাকি নাৱৰ লগ নেড়িলে। বিস্তৰ লোক পানীত পৰি মৰিল; নাৱৰ আহিলা পাতিও বিস্তৰ পৰিল। জেনে তেনে আহি কলিয়াবৰ পালে। পাচে মহা সুনি যুদ্ধ এড়ি পলাই অহা দুই একক বিচাৰ কৰি কাৰ্টিব দিলে। ৰুৰু চেটিয়াক বিহুয়া বড়াক, গল মলিকক আনো হাজৰিকিয়া, বড়া সয়কিয়া, বিচাৰি কাটিলে; তিনি জনা গোহাঞিকো খঙিলে। ৰাজাৰ হাতি, লগুৱা লোক, কাঢ়ি আনি বৰুৱাৰ পিকচাই ফুকনৰ হাতত দিলে। গোহাঞিবোৰক আপোনাৰ বিলতিয়াল লোকেৰে থাকিব দিলে চামধৰাত। সেই বেলা বঙালে উলাই আহি বড় কৰয়নিত বহিলগৈ।

 পাচে আমাৰ তিনিজনা ডাঙ্গৰীয়া, বৰুআ ফুকন লোক জন সহিতে চামধৰাত ৰহিল। পাচে বঙাল উজাই গৈ মৰিভৰলিৰ মুখত ৰল। বলিনাৰায়ণে বঙালক কিছু দি থৈ তাতে সনাতন থাকিল। পাচে আমাৰ চামধৰাৰ গঢ় বান্ধিবৰ নিমিত্তে বড়ুয়া সকলৰে জুগুতি হৈ, বঙাললৈ অভয় পুৰিয়াৰ ভিতৰৰ সনাতনক পঠালে। বড়ুয়া বোলে ভাই নবাবত কগৈ, কিহৰ অৰ্থে জুজিবলৈ আহিচে। হাতি লাগে ধাৰ দিম, মৰিচ, আগৰ কাঠ, আনো জি বস্তু লাগে দিম। কিহৰ নিমিত্তে জুজ কৰিব লাগে। আক পালে আমি দন্দ নকৰো।

 পাচে চামধৰাত ৰাত্ৰিয়ে দিনে গঢ় বান্ধিব ধৰিলে। পাছে নবাবৰ কথা যুকনত কলত আকৌ পঠাই দিলে। স্বৰ্গ মহাৰাজাৰ পাটলৈ চয় মাসৰ বাট। আমাক দিন দিয়োক। নবাবে সুনি তিনি পথলৈ দিন দিল। নাৱৰ পৰা বৈচা অটি পলাই ৰল। কটকিয়ে নপাই গুচি আহিল; পাচে সেই মানুহটিক নবাবৰ আগ কৰিলে। কটকিয়ে যি কইছে হয়নে নহয়; তঞি কি জাৰ্ন; সি বোলে সকলো মিচা। তোমাক প্ৰাসা দি চামধৰাত গঢ় বান্ধিব ধৰিছে। পাছে আৰু বাজ দি ৰাখি থব দিলে। আমাৰ