পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুৰণি অসম-বুৰঞ্জী
৮৭
 

আৰু ফইদে উঠি ধৰে। এই মতে বাৰম্বাৰ জুজি বঙাল পড়িল। চৈয়দ কাণ্ডি এক চিপাই মৃত্যুক নগনি গড়

দুই মুনিশিলাৰ
যুধ

উঠিলহি। তাক তৎকালে মাৰিলে। পাচে দিকৰাই নদি গড়খায়ৈ ৰঙালৰ সৰে উপচি গল। সেই সময়ত আহিলা পাতিও কিচু ধুকাল। গোবৰ সহিতে পানী তপতাই লাঢ়নিৰে মাৰিচে। দিঘল জোৰ লগাই ডাড়িত জুই দি, হিলৈএৰে কোবাই বঙাল খেদিলে। পাচে তিন দিন অন্তৰে মিৰ্জা জাহিনা, আলিয়াৰ খা মহম্মদ জোমা, মাচিম খাঁ, ইচ্চপিঞ্জৰ, মিৰচাঁদ, প্ৰাণনাবান, ৰামচন্দ্ৰ কাৰ্যি, উত্তম, এই সমস্তে ভাগি গল। গুৱাহাটিত আলিয়াৰ খাঁক থৈ বোলে আসামক এক প্ৰকাৰে জে নোৱাৰোঁ, আহিলাপাতিও ধুকাল মই পাৎসাৰ ঠাইক জাওঁ। জিৰূপে গুবাহাটিত লোকজনসহিতে ৰহিবি সেইৰূপে কৰিবি। এই বুলি জাহিনা ভটিয়াই গল।

 আমাৰো চকি কাজলিত দিলেহি; মমাই তামুলি বৰুআ আগৰ কাঠ, হাতিদাঁত, জালুক, চকিয়াল দৰিকিয়াল হাজৰিকালৈ দি, ফুকনে নজনাকৈ বেহা কৰাই তাৰ জি বস্তু পাই মোমাই তামুলি দি, বকআত দিয়েগৈ। বঙালেও আলিয়াৰ খাঁত বৰুয়াৰ অনুমতিএ হাজৰিকিয়া বঙালৰ চকিয়ালক বদলে তোৰ মানুহ বেহাকিনা কৰিবৰ সুনিলে, ফুকনে আমাক কাটিব; আলিয়াৰ খাঁ সুনিলে তোহতক নেডিব। তোহতে নবাবত জনাবি। ময়ো বড় ফুকনৰ ঠাইত জনাওঁ। পাচে চেক মেদা কটকিত কৰি দুই ঘোড়া দি পৃতি হল। আমাৰ কটকি সনাতন, চলাৰ কানু সততে গতাগত হল। ভেলাইক দুঅৰিয়া পাতি দিলে।

দুয়োপক্ষৰ মাজত
সন্ধি স্থাপন।
অসমৰাজ্যৰ সীমা।

বঙালৰে সাউদৰ টোলত হাট হল।

অসুৰৰ আলি বৰনদীক সিমা কবিলে। পাচে চেকমেদা আহি গড়গ্ৰামলৈ গল, স্বৰ্গ মহাৰাজাৰ পাত্ৰমন্ত্ৰিৰ বলাবল বুজিবৰ অৰ্থে। সি উলটি গৈ আলিয়াৰ খাঁক কলে বোলে বুঢ়া