পৃষ্ঠা:পাপৰি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৫১ )


মন্দাকিনী সলিলৰ সঙ্গীত লহৰি মালা
 যৌৱন-তীৰ্থত মোৰ হেন্দুলি উঠিব,
গছৰ ডালত বহি বিহগ-বিহগী দুয়ো
 জীৱনৰ জয়-যাত্ৰা ঘোষণা কৰিব।

( ৫২ )


সেইদিনা ভাবিছিলো, হেঙুলীয়া অৰুণৰ
 সাতোটি ৰঙেৰে মোৰ প্ৰিয়াক সজাই,
কমল বনৰ পৰা, ৰঙা বগা পদুমৰ
 পৰাগ পাপৰি আনি দিম ওপচাই!

( ৫৩ )


ফুলেৰে সাজিম তৰী, ফুলেৰে তৰিম পাল
 ফুলৰ হাততে দিম ফুলৰেই বঠা,
ফুলৰ পাহিতে বহি ফুলনিতে ফুল চুহি
 মেলিম অনন্ত মন ফুলে ফুলে গঁথা।

[ ১৮ ]