পৃষ্ঠা:পাপৰি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাপৰি

( ২৭)


অযোগ্য নাছিল মোৰ পৰাণৰ ভালপোৱা
 অযোগ্য নাছিল এই পূজাৰ সম্বল,
অশুচি নাছিল সখি অন্তৰৰো অন্ত স্থল
 ৰাখিছিলো ঢালি ঢালি প্ৰেম-গঙা-জল

( ২৮ )


যোৱা তেনে, যোৱা সখি, নালাগে থাকিব ৰই
 গুচি যোৱা যত পাৰা দূৰ দূৰলৈ,
সপোনে সন্ধান যাতে নোৱাৰে কাচিতো দিব—
 তোমাৰ ৰূপৰ জ্যোতি স্মৃতিয়েদি বই!

( ২৯ )


কিজানি ভাবিছা তুমি তুমি এৰি গুচি গ'লে
 সোণৰ হৰিণী মোৰ যাব জাল ফালি,
কিজানি ভাবিছা তুমি, তোমাক নাপাই মই
 হেৰুৱাম জীৱনৰ সেন্দুৰীয়া আলি!

[১০]