পৃষ্ঠা:পাপৰি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাপৰি

( ৬ )


অপৰূশ ৰূপৰাশি আলসুৱা ছবি আঁকি
 আহিছিল সেই দিনা পুৱাতে এদিন,
গোলাপৰ মৃদু হাঁহি দেখিছিলো সেই দিনা
 দেখিছিলো নতুনৰ মনোময় চিন!

( ৭ )


সেন্দুৰীয়া সপোনৰ অনন্ত মাধুৰী ভৰা
 দেখিছিলো গুটি গুটি মাণিকৰ মিল,
বসন্তৰ বা’ লৈ বকুল বনত গোৱা
 শুনিছিলো কোকিলৰ কণ্ঠ অনাবিল।

(৮)


কত দিন কত ৰাতি,  শুনিলো কিমান আৰু
 ললিত লয়েৰে ভৰা নতুন ৰাগিণী,
বীণা বিনন্দিত স্বৰে লহৰ কঁপায় তোলা
 গাইছিল কত শত গীত আৱাহনী!

[৩]