পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
চণ্ডিকাখ্যান

অখিল জগত ব্যাপি,  জীব ৰূপে যেই দেবী,
  প্ৰকাশিছে সমস্ত প্ৰাণীত।
সিদেবীক নমস্কাৰ,  কৰো আমি বাৰম্বাৰ,
  দেবী ময় সকল জগত॥
কৰিলন্ত যাক স্তুতি,  পূৰ্ব্বে দেৱগণে আতি,
  প্ৰত্যহ পূজিছে পুৰন্দৰে।
আমি দৈত্য ভয়ে ভীত,  হুয়া ভক্তি অৱনত,
  কৰিছোহোঁ যাক নমস্কাৰ॥
স্মৰণ মাত্ৰকে যাৰ,  সমস্ত বিপদ দুৰ,
  হুয়া লোকে পাৱে শুভ ফল।
সেহি তুমি শুভ দাত্ৰী,  ঈশ্বৰী আপদহন্ত্ৰী,
  কৰাহা আমাৰ সুমঙ্গল॥
দেবগণ কৃতস্তব,  পৰম পবিত্ৰ শুভ,
  এক মনে যদি শুনে নৰে।
বাঢ়য় ঐশ্বৰ্য্য তাৰ,  হোৱে শত্ৰু পৰাজয়,
  অন্তে স্থান কৈলাস নগৰে॥

________