পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
চণ্ডিকাখ্যান

তুমি চন্দ্ৰ তুমি সূৰ্য্য,  তুমি অগ্নিৰ ডৈশ্বৰ্য্য,
  তুমি দেবী জগত প্ৰকৃতি।
সনাতনী ভয়ঙ্কৰী,  জ্যোৎস্না ৰূপা তুমি গৌৰী,
  নমো দেবী জগত ধৰিত্ৰী॥
সুখৰূপা বৃদ্ধিৰূপা,  মহেশ্বৰী লক্ষীৰূপা,
  তুমি দেবী সমস্ত ৰাজাৰ।
অলক্ষী সিদ্ধি স্বৰূপা,  তুমি দেবী দুৰবোধা,
  চিন্তাতীতা প্ৰাকৃত জনৰ॥
প্ৰণতক ত্ৰাণ কৰ্ত্ৰী,  তুমি সৰ্ব্বজন মাতৃ,
  শ্ৰেষ্ঠদ্ৰব্য প্ৰতিষ্ঠা ৰূপিণী।
কৃষ্ণা আৰু ধূম্ৰবৰ্ণা,  অতি সৌম্যা অতি ৰৌদ্ৰা,
  তুমি দেবী জগত পালিনী॥
নমোদেব মুৰ্ত্তিৰূপা,  নমো দেবী ক্ৰিয়াৰূপা,
  পুনঃ পুনঃ নমোহো তোমাক।
যেই দেবী সৰ্ব্বভূতে,  আছে মহামায়া ৰূপে,
  নমো নমো পুনঃ নমো তাক॥
দেবী যেই সমস্তৰ,  প্ৰাণীৰ চেতনা ৰূপ,
  নমো নমো পুনশ্চ তাহাক।
যেই দেবী সৰ্ব্বভূতে,  বুদ্ধি নিদ্ৰা ৰূপে আছে,
  নমো নমো পুনৰপি তাক॥