পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
চণ্ডিকাখ্যান।

 নজানয় হৰি হৰ তোমাক বিধাতা;
 পৰমা প্ৰকৃতি তুমি জগতৰে মাতা॥
 আধাৰ স্বৰূপা তুমি সবে জগতৰ;
 চৰাচৰ এহি বিশ্ব অংশ যে তোমাৰ।
 যজ্ঞে আৰু পিতৃশ্ৰাদ্ধে এহিসে কাৰণে;
 স্বাহা স্বধা উচ্চাৰণ কৰে বিপ্ৰগণে।
 জিতেন্দ্ৰিয় মুনিগণে মোক্ষ বাঞ্চা কৰি;
 শুদ্ধমনে কৰে চিন্তা তোমাক আদৰি॥
 চিন্তামণি তুমি দেবী মুক্তিৰ কাৰণ;
[১]  মুমুক্ষুৰ তুমি দুৰ্গা হোৱা ব্ৰহ্মজ্ঞান।
 শব্দ ৰূপ৷ তুমি দেবী বেদৰ আধাৰ ,
 ঋক যজু সামৰূপে কৰিছা প্ৰচাৰ॥
 কৃষি বানিজ্যাদি ৰূপে জগত পালন;
 সৰ্ব্বশাস্ত্ৰ সাৰ তুমি তব ধৈৰ্য্যমতি;
 দুৰ্গম স্থানত দুৰ্গা নাম মাত্ৰ গতি
 সংসাৰ সাগৰে দেবী তুমিসে তৰণী;
 তোমাৰ প্ৰসাদে ত্ৰাণ পাৱে সৰ্ব্ব প্ৰাণ।


  1. মুমুক্ষু, মুক্তিৰ ইচ্ছুক