পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯
চণ্ডিকাখ্যান।

মেঘে যেন বৃষ্টিধাৰে।   গিৰি শৃঙ্গ ধৌত কৰে॥
সেহিৰূপে শৰ বৃষ্টি।   কৰিলা দেবীৰ প্ৰতি॥
পাছে দেবী কোপকৰি।   হাতে ধনুশৰ ধৰি॥
চিকুৰৰ শৰগণ।   কাটিলন্ত তেতিক্ষণ॥
পুনৰপি মাৰি বাণ।   লৈলা সাৰথিৰ প্ৰাণ॥
ধনু ৰথ ঘোড়া কাটি।   কৰিলা ধ্বজৰ ক্ষতি॥
দেহত অসংখ্য শৰ।   প্ৰহাৰিলা চিকুৰৰ॥
বিৰথ বিধনু হুযা।   খড়গচৰ্ম্ম হাতে লৈয়া॥
চণ্ডিকাক কোপকৰি।   ধাইলা অমৰ অৰি॥
কেশৰীৰ মস্তকত।   কৈলা তীক্ষ্ণ খড়গাঘাত॥
চণ্ডিকাৰো বাম ভুজে।   প্ৰহাৰিলা অতি তেজে॥
দেবীৰ ভুজত লাগি।   পড়িলন্ত খড়গ ভাগি॥
খড়গ ভঙ্গ হৈল দেখি।   কোপেৰক্ত ভৈলা আখি॥
তুলি লৈয়া দৈত্যশূল।   দেবীক প্ৰহাৰ কৈল॥
সূৰ্য্য হেন গগণত।   কৰে দীপ্তি শূল পাত॥
শূল খেদি আসে দেখি।   ভৈলা দুৰ্গা ৰক্ত মুখী॥
নিজ শূল শূল প্ৰতি।   প্ৰহাৰিলা ভগৱতী॥
শত খণ্ড দৈত্য শূল।   কৰি পাছে দেবী শূল॥
হিয়াত পড়িল তাৰ।   গৈল দৈত্য যমঘৰ॥
ৰণত চিকুৰাসুৰ।   নিহত দেখি চামৰ॥