পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
চণ্ডিকাখ্যান।

দিলা আৰু বস্ত্র যুগ্ম আতি মনােহৰ।
চূড়ামণি সমর্পিলা শিৰত দুৰ্গাৰ॥
কর্ণত কুণ্ডল যুগ কঙ্কণ হাতত।
মনােহৰ দিলা বাজু সমস্ত বাহুত॥
অৰ্দ্ধচন্দ্ৰ কপালত চৰণে নুপূৰ।
কণ্ঠ মালা দিলা কণ্ঠে পৰম সুন্দৰ॥
সুবৰ্ণ আঙ্গঠী দিলা সবে আঙ্গুলীত।
হীৰা মৰকত মুক্তা ৰতনে খচিত॥
বিশ্বকৰ্ম্মা দিলা আনি নিৰ্ম্মল পৰশু।
অভেদ্য কবচ আৰু অস্ত্র শস্ত্র বহু॥
সমুদ্রে দিলন্ত দেবী শিৰত হিয়াত।
পদ্মমালা আৰু এক কমল হাতত॥
হিমালয়ে দিলা সিংহ দেবীক বাহন।
আৰু নানা বিধ ৰত্ন কৰিলা প্রদান॥
সুৰাসহ পান পাত্র দিলন্ত কুবেৰ।
নাগৰাজে নাগহাৰ দিলা মনােহৰ॥
এহিমতে আৰূ অন্য যত দেবগণ।
অস্ত্র অভিৰণে কৈলা দেবীক সম্মান॥
অনন্তৰে দুর্গা দেবী অসুৰ নাশিনী।
(৫) বাৰম্বাৰ অট্টহাস কৰিলাআপুনি॥



(৫) অতি উচ্চ হাস্য।