পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

মৎস্য কুৰ্ম্ম আদি মোৰ অৱতাৰ যত।
একৈকক কাৰ্য্যক লাগি ধৰো স্বৰূপত॥
দুই এক কথা তাৰ শুনা সাৰোদ্ধাৰ।
কেবল ভক্তিক ময় কৰিবো প্ৰচাৰ॥ ৯
আদি সত্যযুগেও ভকতি হৰি নাম।
শৰণ ভজন ভক্তি আতি অনুপাম॥
মহানন্দে সুখক লভয় জীৱচয়।
মোৰ মহা প্ৰিয় হুয়া বৈকুণ্ঠে চলয়॥ ১০
দেৱতাৰ সেৱা পূজা ভাগিলেক ঘট৷
চুৰ কৰি থৈলা ভক্তি কৰিয়া কপট॥
সেহি ভক্তি গুপ্ত হৈয়া অদ্যাপি আছয়।
কলিযুগে সন্তৰূপে প্ৰকাশিবো ময়॥ ১১
সেহি কলিযুগে মঞি কৰিবোহো সাৰ।
যদুবংশে যৈসানি হৈবোহো অৱতাৰ॥
অৱশ্যে সংসাৰ তৰিবেক নিৰন্তৰ।
ভাগৱত শাস্ত্ৰমত কৰিবো প্ৰচাৰ॥ ১২
সেহি কলি যুগে শুক মুখে ভাগৱত।
কহিলা বিস্তাৰি পৰীক্ষিতৰ আগত॥
সৃষ্টি আদি কৰি যত কৰ্ম্ম নিৰন্তৰ।
কলি যুগে সিটো শ্ৰেষ্ঠ শুনা বিধিবৰ॥ ১৩
শ্ৰৱণ কীৰ্ত্তন ভক্তি ভকতক দিবো।
সজ্জনক নিয়া মহা প্ৰীতিক সাধিবো॥
অংশ কলা বিভূতিৰ যত শক্তি লই।
বসুদেৱ গৃহত জন্মিবো গৈয়া মই॥ ১৪