পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

কবি সাৰ্ব্বভৌম ভট্টাচাৰ্য্য নাম যাব।
পুৰাণ সংহিতা পদ কৰিবো প্ৰচাৰ॥
কাক হৈয়া যজ্ঞভাগ ভুঞ্জিবাক চাওঁ।
সিংহৰ বিক্ৰম দেখি শৃগালে উধাওঁ॥ ৩
জুয়াঙনি হুয়া চন্দ্ৰ প্ৰকাশক মন।
দীপ হৈয়া হৈবে খোজো সহস্ৰ কিৰণ।
গৰুড়ৰ উৰাৱক টিপচি হৈয়া লওঁ।
মউপীয়া চৰায়ে পৰ্ব্বত দাঙি লওঁ॥ ৪
তথাপিতো পদ কৰিবাক ভৈলা মন।
কৰযোৰে বোলো শুনা যত মহাজন॥
যদি বঢ়া টুটা হোৱে বুধিৰ দোষত।
পদ্মপুৰাণৰ স্বৰ্গখণ্ড ৰহস্যত॥ ৫
নিনিন্দিবা সবাকাৰো ধৰো চৰণত।
নাৰায়ণে ব্ৰহ্মা আগে কৈলা ভবিষ্যত॥
কালৰ যতেক ধৰ্ম্ম নিৰূপি আচয়।
ব্ৰহ্মা আগে কহি হৰি গুচাইলা সংশয়॥
শুনিয়োক বিধি কলি যুগৰ নিৰ্ণয়।
নামে কলিযুগ ধৰ্ম্ম দুৰ্ব্বল নিশ্চয়॥
সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ কৰে।
দ্বাপৰত সেৱা পূজা কষ্টব্ৰত ধৰে॥ ৭
এহিমতে চাৰি যুগে যুগ ধৰ্ম্ম ধৰি।
মোক্ষক লভয় জীৱে জানা নিষ্ঠ কৰি॥
শৰণ ভজন ভক্তি চাৰি যুগে লয়।
তোমাক কহিলো ব্ৰহ্মা জানিবা নিশ্চয়॥ ৮