পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

দ্বাপৰ যুগৰ শেষ কলি উদয়ত।
অৱতাৰ হৈবো বিধি কৈলো স্বৰূপত॥
অনন্ত প্ৰকৃতি হৰ তুমি বিধিবৰ।
পাৰিষদ দেৱ ভোগ গোপী শ্ৰেষ্ঠতৰ॥ ১৫
সমস্তে জন্মিব বৃন্দাবনে গকুলত।
কৰিবোহো লীলা খেলা আনন্দে মনত॥
সন্তক পালিবো দুষ্টগণ সংহাৰিবো।
গোপী সকলক পূৰ্ণ ভক্তি দান দিবো॥ ১৬
কংস পুতনাক নিজ শক্তিৰে বধিবো।
কংসক বধিয়া মই নিজ অংশ হৈবো॥
মোৰ নিজ শক্তি যশ পৃথিবীক জুৰি৷
থৈবেক গুপুতে ভকতৰ মন পুৰি॥ ১৭
কৰযোৰে ব্ৰহ্মা পাছে বুলিলা বিনয়।
পূৰ্ণ অৱতাৰ প্ৰভু কেন মতে হয়॥
বুলিলন্ত নাৰায়ণে শুনা সৃষ্টিকৰ৷
পঙ্কজ বিলাস নাসে আতি শ্ৰেষ্ঠতৰ॥ ১৮
তাহাতে আছোঁহো ময় নিজৰূপ ধৰি৷
প্ৰেমত মূৰুতি ভক্ত সমে লীলা কৰি॥
সবে দুই ভুজ নাই মায়াৰ আভাস।
ৰেখা ৰূপে লক্ষ্মী সৰস্বতীৰ প্ৰকাশ॥ ১৯
পৰম ব্ৰহ্মৰূপে সবে আতি সুশোভন।
প্ৰেম অমৃতক পান কৰে সৰ্ব্বক্ষণ॥
শুনিয়োক কহো ব্ৰহ্মা তোমাৰ আগত।
পূৰ্ণ অৱতাৰ মোৰ নাহি কাৰণত॥ ২০