পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
পদ্মপুৰাণ

শ্রীগুৰু গণেশ যে শিৱশৰ্ম্মা নাম।
উদিত উদয় খৰি দিবাকৰ নাম ॥
সৰ্ব্বকালে গ্রহ উপাসক সৰ্ব্বজন।
শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ ৷৷ ১৭৮
ক্ষত্রিয়ৰ মহাৰাজ ৰূপ সনাতন।
শঙ্কৰকে গুৰু মানি লৈলেক শৰণ॥
বাৰানসী হন্তে আইল মহাভাগৱত৷
প্রকাশিবে আপোনাৰ যশ ধৰ্ম্ম যত॥ ১৬৯
সুবৰ্ণ গৌৰাঙ্গ শুক্ল বর্ণ মহাকায় ৷
পৰম লাৱণ্য মূৰ্ত্তি অধিকে শোভয় ৷৷
ছত্রাকৃতি মাথা আকুঞ্চিত কেশচয়৷
সুসম কপোল ৰত্ন তিলক শোভয় ৷৷ ১৮০
চাৰু কৰ্ণে সুশোভিত নাসা তিলফুল।
দশন মুকুতা পান্তি অধৰ ৰাতুল ৷৷
পূর্ণচন্দ্র সম মুখ সিংহ বন্ধ স্কন্ধ।
বহল হৃদয় সৃক উত্তৰী প্ৰবন্ধ ৷৷ ১৮১
আকস্মিতে দেখি যেন বাহু চাৰিখান।
চাৰি অস্ত্ৰ শোভে হন্তে দেখি বিতোপন ৷৷
উদৰত তিনি ৰেখা শোভে বিদ্যমান।
পূর্ণ দুগ্ধ সম আতি দেখিতে শোভন ৷৷ ১৮২
হৰৰ ডম্বৰু যেন কোটি শোভাময়।
উৰু ৰাম কল যেন অধিকে জ্বলয়॥
ভকত জনৰ নিজ বাঞ্ছিত পূৰণ৷
গহীন গম্ভীৰ যেন সাগৰ বচন ৷৷ ১৮৩