পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শঙ্কৰদেৱৰ চৰিত্ৰ


পদ

সাৰ্ব্বভৌম মোত আৱে প্ৰণাম কৰিবা৷
পাছে তুমি ভক্তি ভাৱে নামক ধৰিবা॥
তর্কভানু বিদ্যাপতি ভট্টাচাৰ্য্য বৰ।
ৰাঘব আচার্য্য বিভূষণ যে ভূষৰ৷৷ ১৭৪
কবিৰত্ন বিদ্যাৰত্ন উমা বাসুদেব।
সৰস্বতী শ্রীকান্ত গজেন্দ্ৰ মহাদেব ৷৷
ৰামচন্দ্ৰ কৃষ্ণদত্ত বিষ্ণু নাৰায়ণ।
গোপাল জৈমিনী দেৱ দেৱ জনাৰ্দ্দন ৷৷ ১৭৫
তাৰা সবে আপোন কুশল চিন্তা কৰি।
শঙ্কৰক গুৰু মানি ভজিলন্ত হৰি৷৷
সূৰ্য্যবিপ্র কালিদাস ভানু হৰিহৰ।
চতুৰৰ চূড়ামণি জ্ঞানী ৰত্নেশ্বৰ ৷৷ ১৭৬
জ্যোতিষ প্রধান শিৱ কাম নৰোত্তম।
চন্দ্ৰধৰ সূৰ্য্যধৰ সূৰ্য্যশৰ্ম্মা নাম৷৷
মূঢ় ৰজা ৰত্নখৰি বিজয়খৰি নাম।
ধৰ্ম্মখৰি বজ্ৰখৰি মহীৰ শ্ৰীৰাম ৷৷ ১৭৭