পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পদ্মপুৰাণ

সকল সমান যেন অধিক বিৰাজে।
যেন দিগ বিজয়ক কামদেৱ সাজে॥
এমত লক্ষণ যাৰ দেখিব৷ প্ৰকাশ।
যাক দৰশনে পাপ সকল বিনাশ॥ ১৮৪
জগন্নাথ স্বপ্ন দেখি নিদ্ৰাৰ জাগিল।
শঙ্কৰ শঙ্কৰ বুলি প্ৰণাম কৰিল॥
জগদীশে স্বপ্ন দেখি পাণ্ডাত কহিল।
ভাগৱত লৈয়া পূৰ্ব্ব দিশক লৰিল॥ ১৮৫
কতো দিনে আসি শঙ্কৰক লাগ পাই।
জগন্নাথে স্বপ্ন কৈলা শঙ্কৰৰ ঠাই॥
যতেক কৰিলা ৰূপ সব দেখিলন্ত।
ভাগৱত দিয়া তাত শৰণ লৈলন্ত॥ ১৮৬
শঙ্কৰে কহিলা তান পূৰ্ব্ব গুণগ্ৰাম।
ইটো বিপ্ৰ আছিলন্ত মনেশ্বৰ নাম॥
বহুত বছৰ পূজা আমাক কৰিল৷
পূজাৰ কাৰ্য্যত অল্প ছিদ্ৰ আচৰিল॥ ১৮৭
তাহাতে জন্মিলে বেদনিধি বিপ্ৰ হুই।
ইটো জন্ম গতি পাইব কহিলো নিশ্চয়॥
মহা শান্তশীল সন্ত বিষ্ণুপুৰ নাম।
ব্ৰহ্মানন্দ আগে কৈল৷ পূৰ্ব্ব গুণগ্ৰাম॥ ১৮৮
শঙ্কৰ স্বৰূপে হৰি হৈব অৱতাৰ।
তাঙ্ক লাগি দিবা ৰত্নাৱলী গ্ৰন্থসাৰ॥
ইটো বাৰ স্কন্ধ ভাগৱতৰ তলত।
থৈবা ৰত্নাৱলী গ্ৰন্থ জানিবাহা তত্ত্ব॥ ১৮৯