পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পশুক ছেদিয়া দেৱতাৰ পূজা ধৰে।
অনেক ঐশ্বৰ্য্য আয়ুকেসে বাঞ্ছা কৰে॥
স্বৰ্গ সুখ ভুঞ্জিবোহোঁ পৰলোকে গই।
তথাপি নৰকে পৰে কহিলো নিশ্চয়॥ ১৩৮
ঘৰে ঘৰে সাধু সবে ধৰ্ম্ম বখানিব।
অশুচি দ্ৰব্যক প্ৰতি গ্ৰহণ কৰিব॥
সত্যগুণ এৰিবেক সদাচাৰ হত।
ৰজঃ সত্ব তমঃ হুইব ৰাজচিহ্ন যত॥ ১৩৯
মন্ত্ৰীৰ অধীন হুইব যত ৰাজচয়।
কুমন্ত্ৰীৰ বাক্য ধৰিবেক দুৰাশয়॥
প্ৰজা হিংসি আগ্ৰহিয়া ধনক লৈবেক
দণ্ডভেদ নজানিয়া অন্যে দণ্ডিবেক॥ ১৪০
অসাধুৰ বংশে হুইব সাধুৰ উৎপন্ন।
ৰাজবংশী হুহি হুইব ৰাজাৰ লক্ষণ॥
অল্প আয়ু অল্প বিদ্যা হৈব প্ৰাণীগণ।
ব্যাধিয়ে পীড়িত হৈব কুমতি লক্ষণ॥ ১৪১
অপাত্ৰে হৈবেক পাত্ৰ দুৰ্জ্জনে সজ্জন।
অমন্ত্ৰীয়ে মন্ত্ৰী হৈব কহিলো বচন॥
ধনতেসে আশা হৈব বিবাদত মন।
ভাৰ্য্যাক মানিবে বন্ধু মৈথুন তোষণ॥ ১৪২
ভাৰ্য্যা নমানিবে অতি সুবুদ্ধি স্বামীক।
শান্তি ধৰ্ম্ম নষ্ট ভজে অপাত্ৰ পতিক॥
কনিষ্ঠে জ্যেষ্ঠক নিন্দে মূৰ্খ হেন বুলি।
পুত্ৰে নমানিবে পিতৃ জানিবা সমূলি॥ ১৪৩