পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
‌পদ্মপুৰণা

ছৱালে নমানে বৃদ্ধ বুদ্ধিত মহত।
ভাৰ্য্যাৰ অধীন হুইব সমস্ত জগত॥
উত্তম কুলত হৈব মূৰ্খৰ আবাস।
অজাতিত সৰস্বতী কৰিব নিবাস॥ ১৪৪
বত্ৰিশ লক্ষণ যিটো পূৰ্ণ কলেৱৰ।
পৰম দৰিদ্ৰ হৈব শুনা বিধিবৰ॥
অতি স্বতন্তৰে যিটো পৰস্ত্ৰী ৰময়।
সেহিসে ঐশ্বৰ্য্যশালী কহিলো নিশ্চয়॥ ১৪৫
অসতী দীৰ্ঘায়ু সতী অল্পতে নিৰ্য্যাণ।
পণ্ডিতৰ মান ছন্ন মূৰ্খৰ সম্মান॥
দাতাৱন্ত যিটো জন দৰিদ্ৰ হৈবন্ত।
পৰম অদাতা যিটো সেহি ধনৱন্ত॥ ১৪৬
ঐশ্বৰ্য বিভূতি যাৰ নাথাকয় আতি৷
সেহিসে অসাধু হৈব সেহি অসঞ্জাতি॥
শাস্ত্ৰক নজানি বহু বকিয়া ফুৰয়।
তাহাঙ্কো পণ্ডিত মানিবেক দুৰাশয়॥ ১৪৭
অনুচিতে অন্যায়ৰ ধন পাইলে ৰঙ্গ।
ধনকে নপাইলে কৰে বিপৰীত খঙ্গ॥
মেঘে জল দান কৰে গিৰি গহ্বৰত।
শয্যাৰ ওপৰে বৃষ্টি নহয় নিশাক॥ ১৪৮
সংসাৰৰ কামধেনু ধৰণী মণ্ডল৷
শস্য সব হৰিবেক প্ৰাণীৰ বিকল॥
অল্প ফল হৈবে ক্ষুদ্ৰ হৈবে বৃক্ষগণ॥
গ্ৰীষ্মত বাৰিষা হৈবে বাৰিষাত আন॥ ১৪৯