পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
পদ্মপুৰাণ

সমস্তৰে জাতি কুল ব্যবহাৰগণ।
অন্য ধৰ্ম কৰ্ম্মে নাই তাহাৰ তাৰণ॥
দেৱৰ প্ৰতিমা গঙ্গা আদি তীৰ্থ যত।
মাহাত্ম্য টুটিবে ঘোৰ কলিৰ যুগত॥ ১৩২
সংকল্পত ভাৱ আশা কৰিয়া মনত।
পূজিবেক দেৱদেবী মানিয়া শাশ্বত॥
সেই সবে আশা পুৰিবাক নপাৰয়।
কলিৰ বলত সবে নিৰ্জ্জীব আছয়॥ ১৩৩
শুনা বিধি কহিলোহো স্বৰূপ বচন।
শিষ্য সবে নমানিবে ইষ্ট গুৰু জন॥
গুৰুৱে শিষ্যক শুদ্ধ ভাৱ নেদেখিব।
চাটু নাটু কৰি বহু দ্ৰব্যক খুজিব॥ ১৩৪
অজ্ঞানীয়ে নমানিবে বিশিষ্ট জনক।
বেদে লাগ নলইবেক উত্তম বিপ্ৰক॥
কলিযুগে ভজি স্বৰ্গ সুখক নপাই।
ধন জন বিভূতিৰ ভোগকেই চাই॥ ১৩৫
বেদ জ্ঞান হীন বিপ্ৰ মন্ত্ৰহীন হুইব।
পৰ অৰ্থে ক্ৰিয়া কৰি দ্ৰব্যক ভুঞ্জিব॥
ছাগৰ শুকৰ সম হৈবেক দুৰ্জ্জন।
অজাতিৰ প্ৰতি সদা কৰিবেক মন॥১৩৬
শুনিয়োক ব্ৰহ্মা লোভ মোহ ৰিপু যত।
অকালত দেৱ দেৱী পূজিবেক যত॥
তথাপি পূজন্তে সিটো নুহুইব প্ৰসন্ন।
শাপ দিয়া নষ্ট কৰে সব দেৱগণ॥ ১৩৭