পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
পদ্মপুৰাণ

মাধৱ বদতি শুনিয়োক সৃষ্টিকৰ।
মোৰ নিজ ধৰ্ম্ম সিটো ধৰ্ম্ম অগোচৰ॥
মোত হন্তে তিনি বিধ ধৰ্ম্ম প্ৰবৰ্ত্তিব।
নিজ যশ কীৰ্ত্তনকো মোহোত অৰ্পিব॥১১৪
মোৰ কীৰ্ত্তি নানা ভাৱে শ্ৰৱণ কৰিব।
সমস্তৰে সমভাৱে ধৰ্ম্মক কৰিব॥
শিষ্যত কহিব জ্ঞান অকপট কৰি।
শৰণ ভজন ভক্তি ভাৱক নচাৰি॥ ১১৫
মোৰ মূৰ্ত্তি ভাগৱত আগত চিয়াই৷
উপদেশ দিব সিটো জানিবা নিশ্চয়॥
উপদেশ দাতা গুৰু সেই গুৰুময়।
শিষ্য সমন্বিতে দিবো বৈকুণ্ঠ নিলয়॥ ১১৬
কতো জনে আপোনাক ব্ৰহ্ম বুলি কয়
মদনে মথনে মাত্ৰ মোক নেদেখয়॥
মৰ্য্যাদাকো এৰিবেক সমস্ত ত্যজিব।
আপুনিসে কৃত্য কৰি তাক প্ৰবৰ্ত্তিব॥ ১১৭
কেৱলে ভৈলোহো মই মহা পুৰুষৰ।
দেৱতাৰ দেৱ গুৰু সবে জগতৰ॥
মহাপুৰুষৰ নামে কৰিয়া মহত্ব।
গুৰু দেৱ বোলাইবেক অত্যন্ত গৰ্ব্বত॥ ১১৮
মোকে মহাগুৰু বুলি মানিবে মনত।
বেদ শাস্ত্ৰ নিন্দিবেক পৰম গৰ্ব্বত॥
শৰণ লোৱন্ত আপোনাক গুৰু মানি।
ভকতিক শিকাৱন্ত শিষ্যত আপুনি॥ ১১৯