পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
পদ্মপুৰাণ

সি সবৰ উপদেশ মাত্ৰ অকাৰণ।
নোহে ভক্তি ভাগী সিটো নাহিকে কল্যাণ॥
কতো জনে শূদ্ৰ বুলি মোক নমানিব।
মোৰ নাম ধৰ্ম্ম বুলি লোকত নকইব॥১২০
আপুনি হে ভৈলো মই শ্ৰেষ্ঠ দ্বিজবৰ।
সৰ্ব্বজন কৈবে মোত নুহিকে শঙ্কৰ॥
শৰণ দিওঁতে আপোনাৰ মুৰ্ত্তি ধৰি।
শিষ্যত দেখাইবে জ্ঞান বাক্য চাটুকৰি॥ ১২১
মোহোৰ যে গীত কবিতাক নমানিব।
আপুনি স্বতন্ত্ৰ কৰি কীৰ্ত্তন কৰিব॥
লোকে যদি কহে শঙ্কৰৰ ধৰ্ম্ম বুলি৷
ছেদ কৰিবাক খোজে তাহাঙ্ক সমূলি॥ ১২২
প্ৰতিমাত কাম্যকৰ্ম্ম যোগে প্ৰবৰ্ত্তিব।
ভকতিৰ ভাগী নোহে মুকুতি পাইব॥
ভাগৱত ভক্ত বুলি লোকত কহিব।
দেৱতীৰ্থ শ্ৰেষ্ঠ কৰি ভ্ৰমিয়া ফুৰিব॥ ১২৩
কত হন্তে গতি হইবে মানিয়া মনত।
আপোনাক হৰি বোলাই থাকিবে গৰ্ব্বত॥
শিষ্যত কৰিবে ভকতিৰ উপদেশ।
শিষ্যেও ভজিবে শূদ্ৰ দেৱতা নিশেষ॥ ১২৪
মিহলি ভক্তিক কৰি গাত কষ্ট নাই।
আকুল ভৈলেক যেন ধৰ্ম্ম হেৰুৱাই॥
মহা মদগৰ্ব্বে গুৰু গোসাঁঞি নমানিব।
উচ্চাসনে বহি সবে ধৰ্ম্ম বখানিব॥১২৫
২৫