পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
পদ্মপুৰাণ

কিবা হেতু মহেশ্বৰ নামক ধৰিয়ো।
সংশয় ছেদিয়া প্রভু মোৰ আগে কৈয়ো॥
কহিলন্ত নাৰায়ণে পূৰ্ব্বৰ কথাক ৷
হৰে প্ৰাৰ্থিলন্ত তাৰ নাম ধৰিবাক॥ ১০৮
আগম কৰিয়া মোক ঢাকিলন্ত হৰে।
সিজিলন্ত আমোচন পাপ নিৰন্তৰে॥
কৰিলন্ত স্তুতি হৰে বহু বাৰম্বাৰ।
ভৈলো মই স্তুতিত সন্তুষ্ট তাসম্বাৰ ৷৷ ১০৯
পৰম সন্তোষ ভৈলো হৰৰ স্তুতিত।
তযু নাম ধৰিবোহো কলিৰ যুগত ৷৷
সেহি হেতু শঙ্কৰৰ নামক ধৰিবো।
তযু আগে ব্রহ্মা মই নিষ্ঠ কৰি কৈলো॥ ১১০
আমোচন পাপ এৰাই হৈয়ে৷ ব্ৰহ্মময়।
ভকতৰ আগ শ্রেষ্ঠ হৈবোহো নিশ্চয় ৷৷
ব্রাহ্মণ দৈবজ্ঞ ক্ষত্র বৈশ্য চাৰি জাতি।
নুশুনিব আমাৰ কথাক কাণ পাতি৷৷ ১১১
শূদ্র সবে ধৰিবেক বেদ ধৰ্ম্ম নীতি।
আচৰিব নব বিধ আমাৰ ভকতি ॥
তাতেসে হৈবোহো মই শূদ্রকুলে জাত।
পৰম ৰহস্য কথা কহিলো তোমাত॥১১২
মোৰ কিবা কুল কৈত আছে সৃষ্টিকৰ।
মৎস্য কূৰ্ম্ম শুকৰাদি ধৰো কলেবৰ ৷৷
শুনিয়া ব্ৰহ্মাৰ মনে গুচিল সংশয়।
কেন মতে প্রবর্ত্তিবে৷ তযু বাক্যচয় ৷৷ ১১৩