পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পদ্মপুৰাণ

একৈক নামৰ, কতেক মহিমা,
 কি কৈবো মই তোমাত।
যতেক কহিলো, তোমাত পূৰ্ব্বত,
 কহিয়া আছো সাক্ষাত॥ ৭৪
গো পদে বেদ, শিৰোৰত্ন ভাগে,
 মোহোৰ পদ সেৱয়।
সা পদে গীতা, আদি শাস্ত্ৰ সব,
 মোক নিতে উপাশয়॥
ই পদে ব্ৰহ্মা, তুমি আদি কৰি,
 আত্মা ৰূপে আছো ময়।
এই হেতু ব্ৰহ্মা, গোসাঁই নামৰ,
 কহিলো দিব্য অন্বয়॥ ৭৫


পদ

হেন শুনি ব্ৰহ্মাদেৱে সোধন্ত দুনাই।
কলি যুগে নাম বিনে আৰ শ্ৰেষ্ঠ নাই।
শুনিয়োক ব্ৰহ্মা তুমি যত জীৱগণ।
মায়া শয্যামাজে শুতি ভৈল অচেতন॥ ৭৬
অৱনত হৈয়া ব্ৰহ্মা বুলিলা বিনয়।
কেন মতে প্ৰভু ভক্তি শয্যা খান হয়॥
শুনি মাধৱৰ মনে আনন্দিত ভৈলা।
ভকতিৰ শয্যা খান কহিবাক লৈলা॥ ৭৭