পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পদ্মপুৰাণ

মোহোৰ অমূল্য সিটো দুখানি চৰণ।
সজ ভকতৰ সিটো গৃহ সুশোভন॥
দৃঢ়ত্ৰ বুদ্ধি শিল তলত পাৰিব।
ভকতিৰ শয্যা খান ওপৰে থাপিব॥ ৭৮
সত্য, শৌচ, ক্ষমা, দয়া চাৰি খুৰা তাত।
বিচাৰে সন্তোষে সঙ্গ সৎসঙ্গ যে পাট॥
দয়া, ক্ষমা, স্তুতি, বিৰকতি চাৰি শলা।
নৱবিধ ভক্তি পিৰা খাটৰ যে ভৈলা॥ ৭৯
মহা পঞ্চভূত তাৰ চচালি ভৈলন্ত।
পুৰুষাৰ্থ সুত্ৰ কৰি গুঠিয়া আছন্ত॥
শান্তশীল ঢাৰী পাতি নমে তুলি ভৈলা।
প্ৰেমে তাৰ বস্ত্ৰ হুয়া ওপৰক ৰৈলা॥ ৮০
গুৰু শিক্ষা গাৰু গোট শিতান ভৈলন্ত।
জাপৰ কাপোৰ তাৰ বিশ্বাস হৈবন্ত॥
শুদ্ধ সদাচাৰ ধৰ্ম্ম আঠুৱাৰ হয়।
বিবেক স্বস্তিক সুখ তাৰ ৰজ্জু হয়॥ ৮১
এহি মতে ভক্তি শয্যা প্ৰকাশ কৰয়।
বিজ্ঞান প্ৰদীপ চাৰি দেশে প্ৰকাশয়॥
বেদৰ গুপুত ইটো ভক্তি শয্যা খান৷
নিজ ভকতৰ হেতু কৰিছো নিৰ্ম্মাণ॥ ৮২
কৰ যোড়ে ব্ৰহ্মা পাছে বুলিলা বিনয়৷
ভকতিৰ শয্যা শুনি গুচিল সংশয়॥
সংসাৰ বৃক্ষক তাক সমস্তে জানিয়ো।
ভকতি বৃক্ষতে নিয়া তাহাতে বুজিয়ো॥ ৮৩