পৃষ্ঠা:পদ্ম পুৰাণ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পদ্মপুৰাণ

ইটো ব্ৰহ্মাণ্ডত ব্ৰহ্ম অংশ জীৱ যত।
জ্ঞানী কৰ্ম্মী যোগী হৈয়া সংসাৰী ভকত॥
জলসাইত হন্তে জীৱ সেই জ্ঞানী হয়।
অনন্তৰ হন্তে সদ। যোগী হৈয়া ৰয়॥ ৭০
পালক বিষ্ণুৰ হন্তে যি জীৱ আসয়।
সেই জীৱ কৰ্ম্মী হুয়া কৰ্ম্মক কৰয়॥
যিটো প্ৰকৃতিত হন্তে হোৱে চৰাচৰ।
অকৰ্ম্ম কৰিয়া পাপ ভুঞ্জে নিৰন্তৰ॥ ৭১
মোৰ নিজ অংশ যিটো শুদ্ধ জীৱগণ।
কেবল ভক্তিক কৰে শ্ৰৱণ কীৰ্ত্তন॥
জীৱৰ বিচাৰ হৰি কৰিলা নিশ্চয়।
তেবেসে ব্ৰহ্মাৰ মনে গুচিল সংশয়॥ ৭২
কৰযোড়ে ব্ৰহ্মা পাছে বুলিলা বিনয়।
পূৰ্ব্বত কৰিলা বহু নামৰ অন্বয়॥ ৭৩


দুলড়ি

আত অনন্তৰে, শুনিয়োক ব্ৰহ্মা,
 তোমাত কহোঁ সম্প্ৰতি।
মোহোৰ নামৰ, ময় অন্ত নেপাওঁ,
 তথাপি সোধা যুগুতি॥