আৰু দেউতাকৰ তাড়নাত এড্ গাৰ স্বদেশ এৰি বিদেশলৈ যাবলৈ বাধ্য হ'ল।
যি ভাল তাৰ ভগবান সহায়। কৰ্ডীলিয়াক, যাক ৰজা লীয়াৰে সঁচা কথা কোৱাৰ নিমিত্তে ৰাজ্যৰ ভাগ নিদিলে, সেই কৰ্ডীলিয়াক ফ্ৰান্সৰ ৰজাই সহধৰ্ম্মিনী কৰিলে। কৰ্ডীলিয়াৰ সৌন্দৰ্য আৰু মধুৰ স্বভাৱে ফ্ৰান্সৰ ৰজাক আকৰ্ষণ কৰিলে।
গ্লষ্টাৰৰ ঘৰত লীয়াৰৰ দিন আৰু দুখৰ হ'ল। গণেৰিলৰ তালৈ লীয়াৰ যোৱা দেখি ৰীগেণৰ ভয় হ'ল— বুঢ়া যদি তাইৰ ঘৰলৈকে আহে। এই ভাবি রীগেণ
সেই খিনি সময়তে এড্ মণ্ডৰ সৈতে পৰামৰ্শ কৰিবলৈ
আহিল। গণেৰিলো সেই একে সময়তে একে কাৰণৰ নিমিত্তে সেই খিনি পালেহি। এড্ মণ্ড পৰামৰ্শদাতা |
আৰু কোনে পায়? তেতিয়া গণেৰিল আৰু ৰীগেণে
পৰামৰ্শ কৰিলে যে লীয়াৰৰ এশজন অনুচৰৰ একোকে
দৰ্কাৰ নাই। বুঢ়া মানুহৰ ইমান সুখ কিয়? বুঢ়াই
তৰণী নেপাই সকলোকে ত্যাগ কৰিলে। এইবাৰ
ৰজাৰ সঁচাসঁচিকৈ বনবাস হ'ল। অনুচৰবৰ্গ এৰি
ৰজাই একেটা মাথোন লগুৱা লৈ বনবাসলৈ গ'ল।
লগুৱাটো ৰাজসভাৰ বহুৱা। আৰু এটী লগত মানুহ
আছিল। তেওঁ আৰ্ল অব্ কেন্ট্। ৰজাই খেদিলে কি
হ'ল? তেওঁ ৰজার মৰম এৰিব নোৱাৰি ছদ্মবেশতে
ৰজাক সহায় কৰিবৰ অৰ্থে লগে লগে ফুৰিছিল।