পৃষ্ঠা:পচতি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পচতি।

কৃষ্ণৰ আদেশ পাছে বসুদেৱে শুনি।
ভাগিল নিহল তান পাৱৰ আপুনি॥
পুত্ৰক কোলাত লৈয়া বজাইবে খোজন্তে।
উপজিলা যোগমায়া যশোদাত হন্তে॥৩১॥

⸻⸻

দিহা
উপজিলা যোগমায়া যশোদাৰ ঘৰে (হে)।

 
পদ।

কৃষ্ণক কোলাত লৈয়া বজাইবে খোজন্তে।
উপজিলা যোগমায়া যশোদাত হন্তে॥
পালি পহৰীয়া নগৰীয়া দ্বাৰীগণ।
দেৱীৰ প্ৰভাৱে সবে ভৈলা অচেতন॥৩২॥
নিদ্ৰা গৈয়া পৰিল যতেক আছে ৰাখি।
জাগি যিবা আছে সিয়ো নেদেখিল আঁখি॥
বৃহত কপাট অতি আটোপ টঙ্কাৰে।
দ্বাৰ সব বান্ধি আছে লোহাৰ হাঙ্গাৰে॥৩৩॥
দেখি বসুদেৱক আপুনি ছুটে দ্বাৰ।
সূৰ্য্য দৰশনে যেন গুছে অন্ধকাৰ॥
পালি পহৰীয়া সবো নজানিলা কেৱে।
কৃষ্ণক কোলাত লৈয়া যান্ত বসুদেৱে॥৩৪॥

 

⸻⸻