পৃষ্ঠা:পচতি.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পচতি।

দিহা


যমুনা! পাৰ কৰি থৈয়োৰে
নন্দেৰ কানাই।

পদ।

বৰিষে কনিকা মেঘে ওপৰত গাজে।
ফনায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে॥
বাৰিষা যমুনা নদী ফেন ফোটকাৰ।
ঢউ দেখি লাগে ভয় ভাঙ্গে বজোয়াৰ॥৩৫॥
কৃষ্ণক দেখিয়া ভয়ে দিলা বাট মাজে।
ৰামক দিলন্ত পন্থ যেন সিন্ধুৰাজে॥
অপ্ৰয়াসে বসুদেৱে যমুনা ছেৰাইলা।
একে নিমিষেকে গৈয়া গোকুলক পাইলা॥৩৬॥
নিদ্ৰা গৈয়া গোৱাল সকল শুতি আছে।
অচেতনে যশোদাক দেখিলন্ত পাছে॥
কৃষ্ণক থৈলন্ত তান শয্যাত শুৱাই।
তাহান কন্যাক লৈয়া আসিলা দুনাই॥৩৭॥
দৈৱকীৰ লগে শুয়াই থৈলা মহাবল।
পূৰ্ব্বৱতে পিন্ধিলন্ত আপুনি নিহল॥
দুনাই দুৱাৰত সব কপাট লাগিলা।
শিশুৰ ক্ৰন্দন শুনি প্ৰহৰী জাগিলা॥৩৮॥